আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?

Share This Article

অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান চৰকাৰ কাৰো পক্ষেই মন্তব্য প্ৰকাশ কৰা নাই।
অৱশ্যে আগন্তুক দিনবোৰত ভাৰতে তালিবানী প্ৰশাসনৰ লগত কেনেদৰে সম্পৰ্ক ৰক্ষা কৰে সেয়া হব লক্ষণীয়। প্ৰাক্তন বৈদেশিক সচিব বিবেক কাটজুয়ে উল্লেখ কৰিছে যে আফগানিস্তানৰ ঘটনাক লৈ ভাৰতে বৰ্তমান বিপদসংকুল সময় পাৰ কৰিছে। আন কিছু সংখ্যক বিশেষজ্ঞৰ মতে আহিবলগীয়া দিনবোৰত ভাৰতে আফগানিস্তানতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব পাৰে। ভাৰত আৰু আমেৰিকা চৰকাৰৰ সম্পৰ্ক হব এই পৰিস্থিতিৰ বাবে দায়ী মূল কাৰক।

বিগত ২০ বছৰত ভাৰতে আফগানিস্তানত কৰা বিনিয়োগৰ কি হব?
কবীৰ তানেজাই ভাৰতে আফগানিস্তানত কৰা বিনিয়োগ সম্পৰ্কে মত প্ৰকাশ কৰি কয় যে ভাৰতে আফগানিস্তানত কোনো বিনিয়োগ কৰা নাছিল। যি ৩ বিলিয়ন ডলাৰ খৰচ কৰা হৈছিল সেয়া কোনো ৰিটাৰ্ণৰ আশাত কৰা হোৱা নাছিল। এয়া আছিল আফগানিস্তানৰ জনসাধাৰণক কৰা নিঃস্বাৰ্থ সহায়। বিগত ২০ বছৰে ভাৰতে স্কুল, হস্পিতাল, ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ, হোষ্টেল আদিৰ দৰে প্ৰকল্প নিৰ্মাণত আফগানিস্তানক সহায় আগবঢ়াই আহিছে।
উল্লেখযোগ্য যে ভাৰতে আফগানিস্তানৰ সংসদ ভৱন, চলমা বান্ধ আৰু জৰাঞ্জ-দেলাৰাম হাইৱেৰ দৰে বৃহৎ প্ৰকল্পটো যথেষ্ট বিনিয়োগ কৰিছে। আফগানিস্তানলৈ তালিবানী শাসন ঘূৰি অহাৰ পিছতো ভাৰতৰ সহায় আফগান জনসাধাৰণৰ কামত আহিব বুলি এতিয়া আশা প্ৰকাশ কৰিছে ভাৰতে। কিন্তু বহু কূটনৈতিক বিশেষজ্ঞই কব খোজে যে এতিয়া আফগানিস্তানত চীন আৰু পাকিস্তানৰ দপদপনি চলিব আৰু পাৰ্যমানে ভাৰতৰ আধিপত্য হ্ৰাস কৰা হব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.