আপুনি অসমৰ নেকি তেন্তে চিন্তাৰ কাৰণ নাই

Share This Article

পান আৰু আধাৰ কাৰ্ড সংযোগৰ সময় ইতিমধ্যে ৩০ জুনলৈকে বৃদ্ধি কৰিছে আয়কৰ বিভাগে।আয়কৰ বিভাগে সময় বঢ়াওকেই বা কমাওকেই দেশৰ ৩খন ৰাজ্যৰ জনতাৰ ক্ষেত্ৰত আছে বিশেষ ৰেহাই।অসম ,মেঘালয় আৰু জম্মু -কাশ্মীৰৰ জনতাক পান আৰু আধাৰ কাৰ্ড সংযোগৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে।আয়কৰ বিভাগে ৩টা বিশেষ শ্ৰেণীৰ ক্ষেত্ৰত এই ৰেহাই প্ৰদান কৰিছে।প্ৰথম অসম,মেঘালয় আৰু জম্মু কাশ্মীৰৰ জনতাৰ বাবে পান পৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয়।দ্বিতীয়তে,৮০ বছৰ উৰ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত পান আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয়।তৃতীয়তে ১৯৬১ চনৰ আয়কৰ আইন অনুসৰি যিসকল লোক ভাৰতীয় নহয় তেওঁলোকৰ বাবে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাটো জৰুৰী নহয়।আয়কৰ বিভাগৰ মতে ওপৰত উল্লেখ কৰা তিনিটা শ্ৰেণীৰ লোকৰ বাবে দুয়োখন কাৰ্ড লিংক কৰাটো জৰুৰী নহয় কিন্তু কোনোবাই কৰিলেও আপত্তি নাই।পান কাৰ্ডৰ জালিয়তি বন্ধ কৰিবলৈ আয়কৰ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰ আগতে এজন ব্যক্তিৰ নামত কেইবাখনো পান কাৰ্ড আছিল আৰু একেটা পান কাৰ্ড নম্বৰ কেইবাজনো লোকে লাভ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.