আপাদমস্তক দুৰ্নীতিত নিমজ্জিত এপেক্স বেংক : ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰত বিস্ফোৰক অভিযোগ 

Share This Article

আপাদমস্তক দুৰ্নীতিত পোত খাই পৰিছে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেড । বেংকটোৰ শ্বেয়াৰ হোল্ডাৰ আৰু কেইবাগৰাকীও গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য প্ৰবন্ধকলৈ লিখা পত্ৰত উন্মোচন হৈছে বেংকটোৰ ভিতৰচ’ৰাত সংঘটিত এটাৰ পাছত আনটো অনিয়মৰ বিস্ফোৰক তথ্য । ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা হৈছে যে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বৰ্তমানৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ নিযুক্তিয়ে অবৈধ । বেংকটোৰ পৰিচালন সঞ্চালক হোৱাৰ পূৰ্বে ডম্বৰু শইকীয়া কৰ্মৰত হৈ আছিল মেঘালয় কো অপাৰেটিভ বেংকৰ সহকাৰী প্ৰবন্ধক হিচাপে । সেই পদটো অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ শাখা প্ৰবন্ধকৰ মৰ্যদাৰ ৷ কিন্তু সকলো নীতি নিয়ম ভৰিৰে মোহাৰি অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ অধ্যক্ষ বিশ্বজিত ফুকনে ডম্বৰু শইকীয়াক মেঘালয়ৰ পৰা আনি বেংকৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰে । আনকি ইয়াৰ বাবে বেংকৰ সঞ্চালক মণ্ডলীৰ কোনো অনুমোদনে লোৱা হোৱা নাছিল । কেৱল সেয়াই নহয় , বোৰ্ডৰ অনুমোদন নোহোৱাকৈয়ে বিশ্বজিত ফুকনে চাকৰিৰ পৰা অব্যাহতি দিছিল তেতিয়াৰ কৰ্মৰত পৰিচালন সঞ্চালক শশাংক শেখৰ শাস্ত্ৰীক ।

কেৱল সেয়াই নহয় , অধ্যক্ষ বিশ্বজিত ফুকনে নিজৰ খেয়াল খুচি মতে কেনেদৰে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেড পৰিচালনা কৰি আহিছে তাৰো উদাহৰণ দাঙি ধৰা হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰখনত ।বিশ্বজিত ফুকনে নিজৰ ইচ্ছা অনুসৰিয়ে অৱসৰপ্ৰাপ্ত উপ প্ৰবন্ধক সৰ্বানন্দ বৰাক আজিও বেংকৰ প্ৰশাসন বিভাগৰ প্ৰবন্ধক হিচাপে নিযুক্তি দি ৰাখিছে । ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা এজন ঠিকাভিত্তিক কৰ্মচাৰীক প্ৰশাসন শাখাত নিযুক্তি দি ৰখাটো বেংকৰ বাবে কিমানদূৰ গ্ৰহণযোগ্য , তাক লৈও প্ৰশ্ন উত্থাপণ কৰা হৈছে ৰিজাৰ্ভ বেংকলৈ লিখা এই পত্ৰত ।

নিজৰ পছন্দৰ ব্যক্তিক পছন্দৰ পদবীত নিযুক্তি দিয়াৰ পাছত বিশ্বজিত ফুকনে বেংকটোক এতিয়া নিজৰ লাহ বিলাসৰ বাবেও ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছে । ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্বজিত ফুকনে অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পাছত প্ৰথমখন বৈঠকতে পুৰণি গাড়ীখন সলাই ৩২ লাখ টকাৰে এখন নতুন গাড়ী কিনাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।কেৱল সেয়াই নহয় , ২০ লাখ টকা ব্যয় কৰি অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ কোঠাও মেৰামতি কৰে ৷ আনকি প্ৰতিষ্ঠা দিৱস পালনৰ নামত ৭২ লাখ টকা ব্যয় কৰাৰ আজৱ ঘটনাও সংঘটিত হৈছে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেডত । নিজৰ গাড়ী আৰু চেম্বাৰৰ মেৰামতি হোৱাৰ পাছত বিশ্বজিত ফুকনে পত্নীৰ কলেজক দিছে ২ লাখ ২০ হাজাৰ টকাৰ অনুদান । যিটো বেংকৰ সকলো নিয়মৰ পৰিপন্থী । বেংকৰ নিয়ম অনুসৰি , বেংক পৰিচালনাৰ লগত জড়িত কোনো ব্যক্তিয়ে নিজৰ আত্মীয় বা নিজৰ প্ৰতিষ্ঠানক কোনো ঋণ বা অনুদান দিব নোৱাৰে । কিন্তু তাৰ পাছতো কেনেদৰে বিশ্বজিত ফুকনে পত্নীৰ কলেজক অনুদান দিলে তাক লৈও প্ৰশ্ন উত্থাপণ কৰা হৈছে । ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰত উত্থাপণ কৰা আটাইতকৈ ডাঙৰ অভিযোগটো হ’ল বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত ব্যৱসায়ী ৰাজেশ বাজাজক বিধি বহিৰ্ভূতভাৱে আদায় দিয়া হৈছে কোটি কোটি টকা । অভিযোগ অনুসৰি , ৰাজেশ বাজাজক প্ৰথমতে দিয়া হৈছিল ১০ কোটি টকাৰ বেংক গেৰাণ্টী , তাৰ পাছত তেওঁৰ কেছ ক্ৰেডিট ঋণৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল ৩০ কোটি টকালৈ । আৰু শেষত দিছপুৰ শাখাই বেংকৰ পৰিচালন সঞ্চালকৰ অনুমতি সাপেক্ষে ৰিজাৰ্ভ বেংকৰ নীতি উলংঘাৰে ডিমাণ্ড বিল পাৰ্ছেজৰ জড়িয়তে আদায় দিছিল ২০ কোটি ৩০ লাখ টকা । এই সমগ্ৰ অনিয়ম ঢাকিবলৈ দিছপুৰ শাখাৰ মেনেজাৰজনক নিলম্বন কৰা হ’ল যদিও এই ভয়াৱহ দুৰ্নীতিৰ কোনো তদন্তই নহ’ল ৷ বেংক কৰ্তৃপক্ষই বি আই ই অ’ত এজাহাৰ দাখিল কৰিয়েই সামৰিলে নিজৰ দায়িত্ব । আগনাবাঢ়িল তদন্ত , উদ্ধাৰ নহ’ল বিধি বহিৰ্ভূতভাৱে আদায় দিয়া ধন ।এনেকৈ এটাৰ পাছত আন এটা বিস্ফোৰক অভিযোগ উত্থাপণ কৰি বেংকটোৰ কেবাগৰাকীও শ্বেয়াৰ হোল্ডাৰ আৰু গ্ৰাহকে পত্ৰ প্ৰেৰণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য প্ৰবন্ধকলৈ । অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এই অনিয়ম সন্দৰ্ভত ৰিজাৰ্ভ বেংকে কি ব্যৱস্থা গ্ড়ণ কৰে , সেয়া লক্ষণীয় হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.