Investigative reporting with dedication.

ৰাহুল গান্ধী সাংসদ পদৰ পৰাৰ বহিস্কাৰ কৰিলেও ৰাহুল গান্ধী মুখ মোডীয়ে বন্ধ কৰিব নোৱাৰে পূৰ্ণ উদ্যমেৰে দেশৰ জনতা হকে মাত মাতি যাব আৰু দেশবাসী হ’কে কাম কৰি যাব আৰু বৰ্তমান মোডী দেশৰ চকীদাৰ নহয় আদানীহে চকীদাৰ , যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে বটদ্ৰৱা বিধায়িকা তথা প্ৰদেশ মহিলা কংগ্ৰেছ সাধাৰণ সম্পাদিকা শিৱামনি বৰাই।বৰ্তমান প্ৰধানমন্ত্ৰী মোডীৰ শাসন কালত দেশৰ গণতন্ত্ৰ খৰ্ব হৈছে,সকলো সংস্থাক নিজৰ হাতৰ মুঠিত ৰাখি কাম কৰিবলৈ অগ্ৰসৰ হৈছে,সেয়েহে দেশ অনিশ্চয়তাৰ দিশে গতি কৰিছে,সেয়েহে দেশৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হৈছে,দেশৰ স্বাৰ্থত মোডীয়ে কাম কৰাৰ পৰিৱৰ্তে আদানীক বিশ্ব এক নম্বৰ ধনী ব্যক্তি কৰাত উঠি পৰি লাগিছে আৰু সেয়েহে পানী দৰত দেশৰ সম্পদ আদানী হাতত অৰ্পণ কৰিছে।




