সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

“আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে গুৰুত্ব পালে নৰেন্দ্ৰ মোডীৰ স্বাধীনতা দিৱসৰ ভাষণত

৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত এইবাৰ গুৰুত্ব লাভ কৰে “আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে।

লালকিল্লাৰ পৰা দিয়া এই ভাষণত মোডী ডাঙৰীয়াই নেচনেল ডিজিটেল হেলথ মিচনৰ আৰম্ভণি হোৱাৰ কথাও ঘোষণা কৰে। এই সম্পৰ্কে প্ৰধান মন্ত্ৰী জনে কয় যে নেচনেল ডিজিটেল হেলথ মিছন, ভাৰতৰ স্বাস্থ্যখণ্ডলৈ নতুন গতি আনিব। প্ৰতিখন ৰাজ্য,প্ৰতিজন ৰোগী, আপোনাক কোনজন ডাক্তৰে কি ঔষধ দিলে, কেতিয়া দিলে, আপোনাৰ ৰিপৰ্ট কি আহিল, এই সকলো তথ্য এটা মাত্ৰ হেলথ আই ডিত অন্তৰ্ভুক্ত হৈ থাকিব।

- Donation -

ইয়াৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আত্মনিৰ্ভৰ ভাৰতৰ প্ৰয়োজনতাৰ কথাও দোহাৰে। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণ প্ৰসংগত কয় যে আত্মনিৰ্ভৰ ভাৰতৰ সফলতাৰ হেঙাৰ হৈ হাজাৰ সমস্যা আহিব যদিয়ো ইয়াৰ হাজাৰ সমাধানো পোৱা যাব।

স্বাধীন ভাৰতৰ মানসিকতা ‘ভকেল ফৰ লোকেল’ হোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে স্থানীয় ভাবে উৎপাদিত সামগ্ৰীক উৎসাহিত কৰিবলৈও কয়।

প্ৰধানমন্ত্ৰীয়ে ‘মেক ইন ইণ্ডিয়া’ৰ লগতে ‘মেক ফৰ ৱৰ্ল্ড’ ৰ মন্ত্ৰও নিজৰ ভাষণত উল্লেখ কৰে।

নতুন শিক্ষা নীতিৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে, আধুনিক ভাৰত নিৰ্মাণৰ বাবে, নতুন ভাৰত নিৰ্মাণৰ বাবে দেশৰ শিক্ষাৰ আছে গুৰুত্বপূৰ্ণ ভুমিকা। গতিকে ইয়াৰ বাবে নতুন শিক্ষা নীতি দেশবাসীয়ে লাভ কৰিছে।
যোৱা সময়চোৱাত নিজৰ চৰকাৰৰ কাম কাজৰ কথা উল্লেখ কৰি তেখেতে কয় যে আজি সকলোৱে পকী ঘৰ, ঘৰে ঘৰে বিদ্যুত্‍, বিশুদ্ধ খোৱা পানী, গেছ-চিলিণ্ডাৰ, জন-ধন বেংক একাউণ্টৰ পৰা আয়ুষ্মান ভাৰতলৈকে সুবিধা লাভ কৰিছে।

প্ৰধনমন্ত্ৰী জনে ভাষণত ভাৰতত কোৰোণাৰ এটা নহয়, তিনিটাকৈ ভেকচিনৰ চেষ্ট চলি আছে বুলি উল্লেখ কৰে।

কিছুদিনপূৰ্বে দেশৰ কৃষকসকলৰ বিকাশৰ বাবে এক লাখ কোটি টকাৰ ‘অগ্ৰীকাল্চাৰ এনফ্ৰাচটাক্সাৰ ফাণ্ড’ গঠন কৰাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

ইয়াৰ উপৰিও মহিলাসকল, যুৱকসকল, সমাজৰ পিছপৰা শ্ৰেণীক আমি আগুৱাই নিলেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱত ৰূপায়ণ হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.