আজি পেগাছাছ কাণ্ডৰ শুনানি : কি হ’ব উচ্চতম ন্যায়ালয়ত ?

Share This Article

আজি উচ্চতম ন্যায়ালয়ে গ্ৰহন কৰিব পেগাছাছ চোৰাংছোৱা কাণ্ডৰ শুনানি ৷ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব ৷ ইজৰাইলী চোৰাংছোৱা ছফটৱেৰ পেগাছাছৰ জড়িয়তে ভাৰতৰ তিনি শতাধিক সাংবাদিক , বিৰোধী নেতা , কেন্দ্ৰীয় মন্ত্ৰী আৰু সামাজিক কৰ্মীৰ মোবাইল ফোন হেক কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আনিছিল বিশ্বৰ ১৭ টাকৈ সংবাদ প্ৰতিষ্ঠানে ৷ ইয়াৰ পাছতে বিষয়টোৰ সঠিক তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰে ৷ ইফালে , এডিটৰছ গীল্ড অব ইণ্ডিয়াইও পেগাছাছ কাণ্ডৰ সবিশেষ তথ্য বিচাৰি উচ্চতম ন্যায়ালয়ত আন এখন আবেদন দাখিল কৰে ৷ এই আবেদন সন্দৰ্ভত আজি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব ৷আজিৰ শুনানিক লৈ উচ্চতম ন্যায়ালয়ৰ  ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.