সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি পেগাছাছ কাণ্ডৰ শুনানি : কি হ’ব উচ্চতম ন্যায়ালয়ত ?

আজি উচ্চতম ন্যায়ালয়ে গ্ৰহন কৰিব পেগাছাছ চোৰাংছোৱা কাণ্ডৰ শুনানি ৷ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব ৷ ইজৰাইলী চোৰাংছোৱা ছফটৱেৰ পেগাছাছৰ জড়িয়তে ভাৰতৰ তিনি শতাধিক সাংবাদিক , বিৰোধী নেতা , কেন্দ্ৰীয় মন্ত্ৰী আৰু সামাজিক কৰ্মীৰ মোবাইল ফোন হেক কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আনিছিল বিশ্বৰ ১৭ টাকৈ সংবাদ প্ৰতিষ্ঠানে ৷ ইয়াৰ পাছতে বিষয়টোৰ সঠিক তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰে ৷ ইফালে , এডিটৰছ গীল্ড অব ইণ্ডিয়াইও পেগাছাছ কাণ্ডৰ সবিশেষ তথ্য বিচাৰি উচ্চতম ন্যায়ালয়ত আন এখন আবেদন দাখিল কৰে ৷ এই আবেদন সন্দৰ্ভত আজি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব ৷আজিৰ শুনানিক লৈ উচ্চতম ন্যায়ালয়ৰ  ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.