আকৌ আহি আছে PUBG!

Share This Article

পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। ভাৰতত PUBG ৰ নিষেধাজ্ঞা আঁতৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। কিয়নো পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তিৰ জৰিয়তে কৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে আৰু
ভাৰতত PUBG Mobileৰ ওপৰত Tencent Gamesৰ কন্ট্র’ল নোহোৱা কৰি ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্প’ৰেচনৰ হাতলৈ আহিব। অৰ্থাৎ দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীটোৱে নিজেই ভাৰতত PUBG ৰ দায়িত্ব ল’ব, আৰু এয়া হ’লে শীঘ্ৰে দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ’ব পাৰে।

বিজ্ঞপ্তিটোত আৰু কৈছে যে PUBG Corporation–এ চৰকাৰে লোৱা ব্যৱস্থাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিছে আৰু সন্মান জনায়। কিয়নো খেলুৱৈৰ তথ্যৰ গোপনীয়তা আৰু নিৰাপত্তা কোম্পানীৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ।

উল্লেখযোগ্য যে ভাৰতত PUBG MOBILE ৰ পাব্লিছিংৰ দায়িত্ব চীনা কোম্পানী TANCENT GAMES ৰ হাতত আছিল। সেয়েহে চীন ভাৰতৰ সীমান্ত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে কিছুদিন পূৰ্বে ১১৮টা চীনা এপ নিষিদ্ধ ঘোষণা কৰোঁতে PUBG ও সেই তালিকাত অন্তৰ্ভুক্ত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.