আকাশ চোৱাৰ সপোন দেখা দিগন্তক শেষ বিদায়

অশ্ৰুশিক্ত নয়নেৰে চিৰ বিদায় টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাক।আজি পুৱা মোহনবাৰী বিমান বন্দৰত হায়দৰাবাদৰ পৰা অনা বৰাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শ্ৰদ্ধাঞ্জলি যাত্রা কৰি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়লৈ অনা হয়।চকুত অযুত সপোন লৈ সুদূৰ হায়দৰাবাদলৈ অসম দলৰ মুখ্য প্ৰশিক্ষক হিচাপে যোৱা দলটোক অভিভাৱকহীন কৰি থৈ নশ্বৰ দেহ হৈ ঘূৰি আহিল অসম তথা নিজ গৃহলৈ দিগন্ত বৰা।হায়দৰাবাদত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো শ্বেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লৈ হায়দৰাবাদত উপস্থিত হোৱা পাছতেই আকস্মিক দুৰ্ঘটনাত প্ৰাণ গল সুদক্ষ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ, ক্ৰীড়াবিদ ডিব্ৰুগড়ৰ দিগন্ত বৰাৰ। শুকুৰবাৰে পুৱা বিমানেৰে লৈ অনা তেওঁৰ নশ্বৰ দেহ যেতিয়া কানৈ মহাবিদ্যালয়লৈ অনা হ’ল তেতিয়া কান্দোনত ভাঙি পৰিল শ শ টাইকোৱাণ্ডো খেলুৱৈ আৰু অভিভাৱক। ৰাজ্যজুৰি টাইকোৱাণ্ডো প্ৰশিক্ষক হিচাপে বিশেষ খ্যাতি থকা দিগন্ত বৰাৰ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তো প্ৰশিক্ষণ কেন্দ্র আছিল, যাৰ বাবে আজি তেওঁক শেষ বিদায় জনাবলৈ অহা কণমানিৰ পৰা কিশোৰ লৈকে সকলো দুখত ভাঙি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *