অৱশেষত ৰাম মন্দিৰৰ শিলান্যাসলৈ নিমন্ত্ৰণ জনোৱা হ’ল আদৱনী আৰু যোশীক

Share This Article

৯০ দশকৰ বিজেপিৰ ‘ৰাম জন্মভূমি’ আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিয়া বিজেপিৰ দুই জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱনী আৰু মুৰলী মনোহৰ যোশীক ৰাম জন্মভূমিৰ শিলান্যাসলৈ নিমন্ত্ৰণ নকৰা ঘটনাই যথেষ্ট চৰ্চা লাভ কৰাৰ সময়তে শনিবাৰে দুয়োজন জ্যোষ্ঠ নেতাক টেলিফোন যুগে নিমন্ত্ৰণ কৰে ৰাম জন্মভূমি ন্যাসে।

অৱশ্যে দুয়োজন নেতাই video conferencing যুগে হে শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

সাম্প্ৰতিক ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বাবেই বয়োজ্যেষ্ঠ নেতা দুজনক নিমন্ত্ৰণ কৰা হোৱা নাছিল বুলি কিছু মহলত চৰ্চিত হৈছিল যদিও এক সূত্ৰ অনুসৰি, আদৱনী আৰু যোশীক নিমন্ত্ৰণ নকৰাক লৈ যথেষ্ট চৰ্চা হোৱাৰ পিছত, ন্যাসে দুয়োজন জ্যোষ্ঠ নেতাক টেলিফোন যুগে নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লয়।

অন্যহাতেদি, একে আন্দোলনৰে নেতা তথা বিজেপিৰ জ্যোষ্ঠ নেত্ৰী উমা ভাৰতী আৰু বাবৰি মছজিদ ধ্বংসৰ সময়ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা কল্যাণ সিঙে ইতিমধ্যে ৫ আগষ্টত হ’বলগীয়া শিলান্যাসলৈ নিমন্ত্ৰণ লাভ কৰিছে।

উল্লেখযোগ্য যে আদৱনী আৰু যোশী এতিয়াও বাবৰি মছজিদ ধ্বংসৰ গোচৰত জেৰাৰ সন্মুখীন হৈ আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.