অৰ্থনৈতিক মন্দাৱস্থা !

Share This Article

বিশ্বৰ অন্যতম জনপ্ৰিয় অনলাইন মাৰ্কেটিং চাইট এমাজনে ইয়াৰ মুঠ ১৮,০০০ কৰ্মচাৰীক চাটাই কৰিব কোম্পানীটোৰ পৰা।সমগ্ৰ বিশ্বত দেখা দিয়া অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ বাবেই এমাজনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য বুলি এক বাৰ্তা প্ৰেৰণ কৰিছে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছীয়ে।উল্লেখযোগ্য যে ক’ভিডৰ পিছৰ পৰাই সমগ্ৰ বিশ্বৰ অৰ্থনীতি এক জটিলতাৰ দিশে গতি কৰিছে।মুখ্য কাৰ্যবাহী বিষয়া এণ্ডে জেছীয়ে কয় ” নবেম্বৰ মাহত আমি ১০ হাজাৰ কৰ্মচাৰী আঁতৰোৱাৰ পিছত পুনৰ আমি ১৮ হাজাৰ কৰ্মচাৰীক শীঘ্ৰেই আঁতৰোৱাৰ সিদ্ধান্ত লৈছোঁ।”জেছীয়ে লগতে এইবুলিও উল্লেখ কৰে যে আমাৰ কোম্পানীৰ উৰ্ধতম কৰ্তৃপক্ষই এই কথা উপলব্ধি কৰিছে এনেদৰে কৰ্মচাৰীক আঁতৰালে মানুহখিনি যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব৷অৱশ্যে আমি বহুত বাধ্যবাধকতাত পৰিহে এনে সিদ্ধান্ত ল’বলগীয়া হৈছে৷আমি যিসকলে সংস্থাপন হেৰুৱাব তেওঁলোকক স্বাস্থ্য বীমাৰ সুবিধাৰ লগতে আন স্থানত কৰ্মসংস্থাপন লাভ কৰাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াম।”১৮ জানুৱাৰীৰ পৰা সংশ্লিষ্ট কৰ্মচাৰী সকলক জনোৱা হ’ব বুলিও তেওঁ লগতে জনায়।
উল্লেখ্য যে এমাজনত ছেপ্তেম্বৰৰ শেষলৈকে মুঠ ১.৫৪ মিলিয়ন কৰ্মচাৰী আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.