অৰবিন্দ কেজৰিৱালে কিয় ক’লে – মই সন্ত্ৰাসবাদী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে – মোক গ্ৰেপ্তাৰ কৰক ৷ এইবাৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে সৰ্বশক্তিৰে নামি পৰিছে পঞ্জাৱ দখল কৰিবলৈ ৷ কেইদিনমান পাছতে অনুষ্ঠিত হ’ব পঞ্জাৱৰ ভোটগ্ৰহণ ৷ কিন্তু তাৰ পূৰ্বে কেজৰিৱালে কৈছে – মোক গ্ৰেপ্তাৰ কৰক ৷কিয় অৰবিন্দ কেজৰিৱালে তেওক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ,

বৃহস্পতিবাৰে কুমাৰ বিশ্বাসে এই মন্তব্য কৰিছিল অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত ৷ তাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজকে গ্ৰেপ্তাৰৰ বাবে আহ্বান জনাইছে ৷ পঞ্জাৱ নিৰ্বাচনৰ ঠিক পূৰ্বে কেজৰিৱালে এই দাবী কৰিবলগীয়া হোৱাৰ এটা বিশেষ কাৰণ আছে ৷ কিন্তু তাৰ পূৰ্বে আপুনি জানি ল’ব লাগিব পঞ্জাৱৰ ৰাজনীতি সম্পৰ্কীয় কিছু অন্য কথা ৷
পঞ্জাৱত এইবাৰ মূল প্ৰতিদ্বন্দিতা হ’ব কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত ৷ কিন্তু পঞ্জাৱ কংগ্ৰেছ এতিয়া পোনপটীয়াকৈ কেবাটাও ভাগত বিভক্ত ৷ দলীয় বিদ্ৰোহৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক অপসাৰণ কৰিলে কংগ্ৰেছ হাইকামাণ্ডে ৷ তেওৰ স্থানত মুখ্যমন্ত্ৰী হ’ব বুলি আশা পালি আছিল নৱোজিৎ সিঙ সিদ্ধুয়ে ৷ কিন্তু সেয়া নহ’ল ৷ পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হ’ল চৰণজিৎ সিঙ ছানী ৷ এইবাৰো তেও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷সিদ্ধু স্বাভাৱিকতে অসন্তুষ্ট ৷ ইয়াৰ বিপৰীতে পূৰ্বৰ সকলো বাদ বিসম্বাদ সামৰি আম আদমি পাৰ্টী নতুন ৰূপত সাজু হৈছে নিৰ্বাচনলৈ ৷ ভগৱন্ত মান আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷
পঞ্জাৱ সন্দৰ্ভত সকলোৱে ভাবি থকা এটা কথা হৈছে যে পঞ্জাৱ এখন শিখ প্ৰধান ৰাজ্য ৷ কিন্তু এইখন ৰাজ্যত ৫০ শতাংশতকৈও অধিক হিন্দু ভোটাৰো আছে ৷ বিগত নিৰ্বাচনত আম অদমি পাৰ্টীয়ে শক্তিশালী সংগঠন গঢ়ি তোলাৰ পাছতো ক্ষমতাৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল হিন্দু ভোটাৰৰ সমৰ্থন নোপোৱা বাবে ৷ সেই সময়ত পঞ্জাৱত এটা কথা বৰকৈ চৰ্চা হৈছিল যে এন আৰ আই বহু শিখে আপৰ হৈ নিৰ্বাচনত প্ৰচাৰ চলাইছে ৷ তেওলোক খালিস্তানৰ সমৰ্থক ৷ যাৰ বাবে হিন্দু ভোটাৰ সকলে একপক্ষীয়ভাৱে সমৰ্থন দিছিল কংগ্ৰেছক ৷ এইবাৰ কংগ্ৰেছ দুৰ্বল স্থিতিত ৷ যাৰ বাবে আম আদমি পাৰ্টীৰ সন্মুখত আহি পৰিছে এক সুবৰ্ণ সুযোগ ৷ কিন্তু কেজৰিৱালৰ আশাত চেচা পানী ঢালিবলৈ আগবাঢ়ি আহিল তেওৰেই একালৰ সতীৰ্থ কুমাৰ বিশ্বাস ৷ নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত কুমাৰ বিশ্বাসে অভিযোগ আনিলে যে ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ সময়ত অৰবিন্দ কেজৰিৱালে কৈছিল যে তেও স্বাধীন খালিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ’ব ৷ কুমাৰ বিশ্বাসৰ এই বক্তব্যই বিপদ চপাই আনিলে আম আদমি পাৰ্টীৰ বাবে ৷ আকৌ ২০১৭ ৰ পৰিস্থিতিৰ পুণৰাবৃত্তি হোৱাৰ আশংকা সৃষ্টি হ’ল ৷ অৱশেষত মুখ খুলিলে অৰবিন্দ কেজৰিৱালে ৷ তেও কুমাৰ বিশ্বাসৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক’লে যে যদিহে দেশক দুভাগ কৰাৰ ষড়যন্ত্ৰ সঁচা হয় , তেনেহ’লে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে কি কৰি আছে ৷ কেন্দ্ৰীয় সংস্থাসমূহে এতিয়াও কিয় তেওক গ্ৰেপ্তাৰ কৰা নাই বুলিও কেজৰিৱালে প্ৰশ্ন কৰে ৷ কংগ্ৰেছ শাসনত থাকোতেও কিয় তদন্ত নকৰিলে বুলি কেজৰিৱালে প্ৰশ্ন কৰি কয় যে তেও বিশ্বৰ একমাত্ৰ সন্ত্ৰাসবাদী হ’ব যিয়ে হাস্পতাল আৰু বিদ্যালয় ঠিক কৰে ৷ কুমাৰ বিশ্বাসৰ বক্তব্য হাস্যকৰ বুলিও অৰবিন্দ কেজৰিৱালে অভিহিত কৰে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296