অৰণ্য পুনৰ বনানীকৰণৰ দায়িত্ব এইবাৰ দিয়া হ’ব ব্যক্তিগত খণ্ডক

Share This Article

এইবাৰ যিবোৰ অৰণ্য অৱনমিত(degraded) হৈছে তেনে অৰণ্যৰ পুনৰ বনানীকৰণৰ প্ৰক্ৰিয়াত চামিল হ’ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰস্তাৱ চৰকাৰক আগবঢ়াইছে নীতি আয়োগে।

The print নামৰ ওক নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰী পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ(পিপিপি) ৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক অৰণ্যৰ পুনৰুদ্ধাৰৰ দায়িত্ব দিয়াৰ পৰিকল্পনা কৰিছে নীতি আয়োগে। ইয়াৰ কাৰণ হিচাপে নীতি আয়োগে কৈছে যে প্ৰচলিত ৰাষ্ট্ৰীয় বনানীকৰণ প্ৰকল্প সমূহে কোনো ফলপ্ৰসূ প্ৰভাৱ পেলাব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে এনে কৰাৰ আৱশ্যকতা আহি পৰিছে।

পিপিপি মডেল প্ৰযোজ্য হ’ব লগীয়া কাম বোৰ হ’ব কাঠৰ সামগ্ৰী উৎপাদন, অৰ্গেনিক খেতিৰ চাপ্লাই চেইন, eco camping, wilderness camp, ইত্যাদি।

পিপিপি মডেল প্ৰযোজ্য কৰিবলৈ চৰকাৰে ব্যক্তিগত খণ্ডৰ ক্ষুদ্ৰ আৰু মজলীয়া লহেতীয়ক, কৰ্পৰেট, পৰ্যটন ব্যৱসায়ীক অগ্ৰাধিকাৰ দিব বুলি বাতৰিটোত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰায় ৪০% অৰণ্যই অৱনমিত অৰণ্যৰ শাৰীত পৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.