সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অস্তমিত হোৱাৰ দিশে বিজেপিৰ সূৰুয ?

হয়,এখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিছে শ শ প্ৰতিবাদী জনতাই।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ বাসগৃহত জনতাই কৰিছে শিলাবৰ্ষণ।চিমংগা জিলাত থকা য়েডুৰাপ্পাৰ বাসগৃহত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰক্ষীয়ে বাঞ্জাৰা সম্প্ৰদায়ৰ যথেষ্ট সংখ্যক প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰিছে।
অনুসূচিত জাতিৰ সংৰক্ষণৰ সিন্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বাঞ্জাৰা সম্প্ৰদায়ৰ লোকসকলে।বাসৱৰাজ বম্মাইৰ চৰকাৰে শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ সংৰক্ষণৰ বাবে থকা আসনৰ সংখ্যাৰ এক নতুন হিচাপ অনুমোদনৰ বাবে দাখিল কৰিছিল কেন্দ্ৰীয় চৰকাৰক।মুঠ ১৭% অনুসূচিত জাতিৰ বাবে থকা সংৰক্ষিত আসনৰ ৬% অনুসূচিত জাতি (সোঁ)ৰ বাবে ৫.৫% অনুসূচিত জাতি (বাওঁ)ৰ বাবে ধাৰ্য কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ।তদুপৰি ৪.৫% উন্নত জাতি আৰু ১% আন সকলৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়ায়।
এই সিন্ধান্ত এ জে সদাশিৱ আয়োগৰ এক ৰিপৰ্টৰ ভিত্তিত গ্ৰহণ কৰা হৈছে৷২০০৫ চনত কংগ্ৰেছ -জনতা দল চৰকাৰে এই আয়োগ গঠন কৰিছিল।বাঞ্জাৰা সম্প্ৰদায়ে দাবী কৰা অনুসৰি এই নতুন সিন্ধান্তৰ ফলত তেওঁলোকৰ সম্প্ৰদায় সকলোতকৈ ক্ষতিগ্ৰস্ত হ’ব৷সেয়ে অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পঠিওৱা এই অনুমোদন বন্ধ কৰিব লাগে।উল্লেখ্য যে মে’ মাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব কৰ্ণাটকত.তাকে লৈ বিজেপি -কংগ্ৰেছ দুয়োটা দলেই চলাইছে ব্যাপক প্ৰচাৰ অভিযান৷নিৰ্বাচনৰ আগত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত জনতাৰ প্ৰতিবাদে বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰখনলৈ আনিছে অশনি সংকেত।

Leave A Reply

Your email address will not be published.