অসমৰ মুখ্যমন্ত্ৰী য’ত,বিসম্বাদ ত’ত !

Share This Article

তেলেংগানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ !চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তেলেংগানা এইবাৰ বিজেপি দলৰ অন্যতম লক্ষ্য।তেলেংগানাত বৰ্তমান শাসনত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।কেচিআৰ এই দলৰ মূৰব্বী।বিগত দেওবাৰে বান্দীয়ে তেলেংগানাত আয়োজন কৰিছিল ‘হিন্দু একতা যাত্ৰা’ৰ।এই যাত্ৰাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী শৰ্মাই সেই অনুষ্ঠানত অংশ লৈ তেলেংগানাত ‘ৰামৰাজ্য’ প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।তেওঁ আনকি মুখ্যমন্ত্ৰী কেচিআৰক আৰু তেওঁৰ দল BRS ক VRS ল’বলৈ আহ্বান জনাইছিল।অসমৰ মুখ্যমন্ত্ৰীয়ে বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা দুটা দিনো নহ’ল ,তেলেংগানা বিজেপিত আৰম্ভ হ’ল বিদ্ৰোহ।বান্দী সঞ্জয় তেলেংগানা বিজেপিৰ সভাপতি ।কিন্তু তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে তেলেংগানাৰ মুঠ ৯ গৰাকী জ্যেষ্ঠ বিজেপি নেতাই।

উল্লেখ্য যে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ বিধ্বস্ত হৈ পৰাৰ খবৰে দলটোক চিন্তান্বিত কৰি ৰখাৰ সময়তে তেলেংগানা বিজেপিতো লাগিছে শনি।তেলেংগানা বিজেপিৰ মূৰব্বী বান্দী সঞ্জয় কুমাৰক সেই দায়িত্বৰ পৰা অপসাৰণ কৰি তেওঁৰ স্থানত ইটালা ৰাজেন্দৰক নিযুক্তি দিয়াৰ দাবী তুলিছে বিজেপিৰ গৰিষ্ঠসংখ্যক জ্যেষ্ঠ নেতাই।ইতিমধ্যে বান্দী সঞ্জয়ক অপসাৰণৰ অন্তিম সময়সীমাও নিৰ্ধাৰণ কৰি দিছে বিদ্ৰোহী নেতা কেইজনে।দলৰ এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি বান্দী সঞ্জয়ক যদি ৰাজ্যিক সভাপতি পদৰ পৰা আঁতৰোৱা নহয়,তেন্তে তেওঁলোক আটায়ে একেলগে দল ত্যাগ কৰিব।তদুপৰি তেওঁলোকে ইতিমধ্যে সভাপতি পদত অধিষ্ঠিত কৰিব বিচৰা ৰাজেন্দৰক নতুন দলটোৰ সভাপতি পাতিব আৰু সেই নতুন দলটোৱে কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।ইতিমধ্যে সোমবাৰে ৰাজেন্দৰে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে দিল্লীত গৈ উপস্থিত হৈছে।বিদ্ৰোহী বিধায়ক কেইজনে তৃণমূল পৰ্যায়ত বিজেপিৰ অৱস্থা সম্পৰ্কেও অৱগত কৰিব কেন্দ্ৰীয় নেতৃত্বক। যদি তেওঁলোকে এই বিষয়ে একো সিদ্ধান্ত খুব সোনকালে গ্ৰহণ নকৰে তেন্তে তেওঁলোকে নতুন দল খুলি ২৫ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব।এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই কয় ‘ আমি এটা সুকীয়া ৰাজনৈতিক দল গঠন কৰিম৷আমি ইতিমধ্যে এই বিষয়ে আলোচনাও কৰিছোঁ৷আমি যদি বিজেপি ত্যাগ কৰোঁ,আমি কংগ্ৰেছৰ লগত নিৰ্বাচনী মিত্ৰতা কৰিম।’তেলেংগানাত এতিয়া বিজেপি দলে বিদ্ৰোহ নিয়ন্ত্ৰণত কিমান সফল হয় তাৰ ওপৰতেই নিৰ্ভৰ কৰিব তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ ফলাফল !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.