সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমলৈ এম ভি গংগা

বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰা এম ভি গংগা – বিলাস নামৰ বিলাসী River Cruise খন শুকুৰবাৰে আবেলি ধুবুৰী পাবহি।বিয়লি ৪ মান বজাত বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে উপস্থিত হ’ব ধুবুৰীত।বুধবাৰে বাংলাদেশৰ কুড়িগ্রামৰ চিলমাৰী নদী বন্দৰত লংগৰ কৰিছিল বিশ্বৰ দীর্ঘযাত্রাৰ river cruise ‘গংগা বিলাস’।জলস্তৰ কম হোৱাৰ বাবে বন্দৰ পৰা অলপ আঁতৰত ব্রহ্মপুত্রৰ বুকুত অবস্থান কৰিছে।বুধবাৰে বিয়লি ৪ বাজি১০ মিনিটত লংগৰ কৰে কুড়িগ্রামৰ চিলমাৰী নদী বন্দৰত।কালি ৰাতিপুৱা ৭ বজাত পর্যটক সকল গঙ্গা বিলাসৰ পৰা সৰু জল যানেৰে চিলমাৰী নদী বন্দৰৰ ৰমনা ঘাটত উপস্থিত হয়।আবেলি লৈকে গংগা-বিলাসৰ পর্যটক সকলে ৰংপুৰ অঞ্চলৰ বিভিন্ন দর্শনীয় স্থান পৰিদৰ্শন কৰে। দর্শনীয় স্থান পৰিদর্শন কৰি চিলমাৰীলৈ উভতি আহি গংগা বিলাসত নৈশ যাপন কৰে আৰু শুকুৰবাৰে পুৱা চিলমাৰীৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰে গংগা বিলাসে।
উল্লেখ্য যে ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড় লৈ মুঠ ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিব river cruise গংগা বিলাসে।তিনিটা ডেকসহ এমভি গঙ্গা বিলাসৰ দৈর্ঘ্য ৬২ মিটাৰ, প্রস্থ ১২ মিটাৰ। ইয়াৰ ২৮ টা বিলাসবহুল কোঠালিত ছুইজাৰলেণ্ডৰ ২৭ জন আৰু জার্মানীৰ ১ জন পৰ্যটক আছে।
আজি প্রমোদত্ৰীখন ধুবুৰীলৈ আহি উপস্থিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কেইবাগৰাকী শীর্ষ বিষয়া গুৱাহাটীৰ পৰা আহি বাহৰ পাতিছে ধুবুৰীত।ধুবুৰী জাহাজঘাটত পৰ্যটক সকলক আদৰণি জনোৱাৰ কাৰ্যসূচীত উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী , দক্ষতা , নিয়োগ আৰু উদ্যমিতা আৰু পর্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও।

Leave A Reply

Your email address will not be published.