অসমলৈ আহিব কেজৰিৱাল

Share This Article

আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শীঘ্ৰেই আহিব অসমলৈ।আপৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীৰ নেতৃত্বত এটা দলে অলপতে মুখ্যমন্ত্ৰী কেজৰিৱালক সাক্ষাৎ কৰি অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসম ভ্ৰমণলৈ অহা নাই৷আপৰ জন্মৰ আগতে অৱশ্যে তেতিয়াৰ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ লগত অসমৰ বিভিন্ন স্থানত কেইবাখনো সভাত অংশ লৈছিল কেজৰিৱালে।বিগত বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপে ভাল ফলাফল দেখুওৱাৰ পিছতে আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে দলটোৱে।ইতিমধ্যে দলটোৱে মুঠ ২২০০ পঞ্চায়তৰ ভিতৰত ৩৫০ টা পঞ্চায়তত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে৷আপৰ বৰ্তমান সদস্য সংখ্যা প্ৰায় ডেৰ লাখ।ইতিমধ্যে আপে লক্ষীমপুৰৰ দুটা ৱাৰ্ড,তিনিচুকীয়াৰ দুটা ৱাৰ্ড আৰু গুৱাহাটী পৌৰ নিগমত এটা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে।
আপৰ এক সূত্ৰ অনুসৰি অসমত আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো নিৰ্বাচনতেই অংশ ল’ব আপে৷ইয়াৰ বাবে দলৰ ভেঁটি শক্তিশালী হোৱাটো প্ৰয়োজন৷সেয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অসমলৈ নিমন্ত্ৰণ জনাইছে অসমৰ আপ নেতৃত্বই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.