অসমত কংগ্ৰেছৰ দুৰ্গ থৰক-বৰক!

Share This Article

সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কমলাক্ষ দে’ পুৰকায়স্থসহ ৩ বিধায়কৰ!এটা ডাঙৰ ৰাজনৈতিক খবৰে জোকাৰি গ’ল ৰাজ্য। তৰুণ গগৈৰ দিনৰ কংগ্ৰেছৰ দৰেই আকৌ এবাৰ বিদ্ৰোহী বিধায়কৰ বিদ্ৰোহে থৰক-বৰক কৰিলে কংগ্ৰেছৰ দুৰ্গ।প্ৰধান বিৰোধী দলটোৰ ৩ বিধায়কে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিলে দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ। পদত্যাগ পত্ৰৰ জৰিয়তে দলীয় দায়িত্বৰ পৰা পদত্যাগ কমলাক্ষ দে’ পুৰকায়স্থৰ!পদ ত্যাগৰ পত্ৰ বৰখলাৰ বিধায়ক খলিলউদ্দিন মজুমদাৰৰো ! একেদৰে পদ ত্যাগৰ পত্ৰ প্ৰেৰণ কৰিলে কাটিগৰাৰ বিধায়ক মিজবাউল ইছলাম লস্কৰেও। ভূপেন বৰাৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ!শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট ৩ কংগ্ৰেছী নেতা। অৱশ্যে শুকুৰবাৰৰ দিনটোত গ্ৰীণ উড ৰিজৰ্টত অনুষ্ঠিত কংগ্ৰেছৰ গোপন বৈঠকত মীমাংসা হৈছিল বিষয়টো। বৈঠকৰ পাছতো নিজৰ স্থিতিত অটল কমালক্ষ’ দে’ পূৰকায়স্থ। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব তথা ৰাজ্যিক সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ পৰা পিছ হুহকি নাহিল কমলাক্ষ দে’ পুৰকায়স্থ। অৱশ্যে কমলাক্ষ দে’ পুৰকায়স্থৰ মতে আলোচনাৰ জৰিয়তে সকলো মীমাংসা হ’ব।এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম ৰাজ্যিক প্ৰদেশ কমিটিৰ সভাপতি ভূপেন বৰাই ৩ বিধায়কৰ দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচৰা পদ ত্যাগ কৰি প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো।কিন্তু এতিয়া ৰাজনৈতিক মহলত চলিছে সৰৱ চৰ্চা- হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত আৰম্ভ কৰা এই বিসম্বাদী বিদ্ৰোহৰ দৰেই কংগ্ৰেছ আকৌ থৰক-বৰক হৈ পৰিব নেকি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.