অশৰীৰী আত্মাই বিদ্যালয়ত খাইছিল খাদ্য !

Share This Article

বিদ্যালয়ত ভূত? ভূতৰ নামত টকা ঘটিছিল প্ৰধান শিক্ষক তথা অধ্যক্ষই !

হয়,ভূতৰ নামত অবাধে ধন ঘটিছিল অসমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষই।মুঠ ৪ লাখ ৫০ হাজাৰ মান বিগত এটা বছৰে ঘূৰি ফুৰিছিল অসমৰ বিদ্যালয়বোৰত।হয়,এই কথা আমাৰ নহয়,অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজেই কৈছে এই কথা।ৰাজ্যখনত মুঠ ৪,৪৯,১৯৭ গৰাকী ছাত্ৰছাত্ৰী প্ৰকৃতাৰ্থত আছিল অশৰীৰী।সেয়ে ২০২২-২৩ বৰ্ষত এই ছাত্ৰছাত্ৰীবোৰ বিদ্যালয়ৰ পৰা নোহোৱা হ’ল।সোমবাৰে  শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক সংবাদমেলত অংশ লৈ নিজেই কৰিছে এই ঘোষণা। অশৰীৰী আত্মাই খাইছিল খাদ্য ! পৰিধান কৰিছিল ইউনিফৰ্মো ! য়েচ চাৰ,প্ৰেজেণ্ট চাৰ বুলি দিছিল উপস্থিতিৰ উমান !
শিক্ষামন্ত্ৰী পেগুৰ মতে মধ্যাহ্ন ভোজন ,ইউনিফৰ্ম যোগানৰ ধন ঘটাৰ বাবে কিছুমান ছাত্ৰছাত্ৰীৰ নাম এনেই ৰেজিষ্টাৰ বুকত এণ্ট্ৰি কৰিছিল কিছু সংখ্যক অধ্যক্ষ তথা প্ৰধান শিক্ষকে।অৱশ্যে এনে অশৰীৰী ছাত্ৰছাত্ৰী অপ্ৰাদেশীকৃত বিদ্যালয়ত বেছি আৰু চৰকাৰী স্কুলত কম বুলি উল্লেখ কৰে ড° পেগুৱে।শিক্ষামন্ত্ৰী পেগুৱে কয় ‘ উপৰুৱাকৈ চালে ইমান বৃহৎ সংখ্যক ছাত্ৰছাত্ৰী নোহোৱা হোৱাটো সঁচাকৈয়ে উদ্বিগ্নতাৰ কাৰণ।আমি অনুমান কৰিছোঁ আমাৰ বিদ্যালয়বোৰত কোনো অস্তিত্ব নথকা অৰ্থাৎ অশৰীৰী ছাত্ৰছাত্ৰী আছিল।অৰ্থাৎ যিমানসংখ্যক ছাত্ৰছাত্ৰী আছে বুলি দেখুওৱা হয়,সিমান সংখ্যক ছাত্ৰছাত্ৰী প্ৰকৃততে নাছিল।বহুসংখ্যক ভেন্সাৰ স্কুল কাগজে কলমে চলি আছিল।’শিক্ষামন্ত্ৰীৰ এই ঘোষণা যদি সঁচা হয় তেন্তে শিক্ষামন্ত্ৰী গৰাকীয়ে নিজেই খুলি দিছে নিজৰ চৰকাৰৰ মুখা।বিগত ৭ টা বছৰ অসমত চলি আছে বিজেপি চৰকাৰ।তদুপৰি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ দিনতো শিক্ষামন্ত্ৰী পদত অধিষ্ঠিত হৈ আছিল আৰু বিজেপিৰ দিনতো তেওঁ আছিল শিক্ষামন্ত্ৰী।অৰ্থাৎ এক কথাত বিগত ২২টা বছৰত অসমত সৰ্বাধিক সময় শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী।গতিকে যিমানেই আনৰ গালৈ দোষ ঠেলিব নোখোজক কিয় কোনোবা প্ৰধান শিক্ষক অথবা অধ্যক্ষই যদি কেৱল চৰকাৰী ধনৰ লোভত এনেদৰে ছাত্ৰছাত্ৰীৰ নাম হিচাপতকৈ অধিক পঞ্জীয়ন কৰিছিল তাৰ দোষ ল’ব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী হিচাপে ৰণোজ পেগুৱে নিজেই।কাৰণ এই চাৰে চাৰি লাখ ছাত্ৰছাত্ৰীৰ হিচাপ দাখিল কৰাৰ সময়ত শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ নিজেই !নিজৰ লগতে নিজৰ চৰকাৰৰ দুৰ্বলতা নিজেই প্ৰকাশ কৰি চৰকাৰৰ বিফলতাৰ হিচাপ দিয়া শিক্ষামন্ত্ৰীয়ে আগন্তুক দিনত ৰাজ্যৰ শিক্ষাখণ্ডক কোনটো স্তৰলৈ লৈ যায় সেয়া হ’ব লক্ষ্যণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.