অমিত শ্বাহৰ ভিডিও দিয়াৰ বাবে ব্লক হ’ল ইউ টিউব চেনেল ৷ কি হৈছিল চাওক

Share This Article

ভাৰতৰ মূলসুঁতিৰ সংবাদ মাধ্যম কিদৰে চৰকাৰৰ গ্ৰাসত সোমাই পৰিছে তাক নতুনকৈ বাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই ৷ তাৰ মাজতো ডিজিটেল সংবাদ মাধ্যমে সাহসেৰে শাসক পক্ষক সমালোচনা কৰি আহিছে , জনতাৰ প্ৰশ্নসমূহ উত্থাপণ কৰি আহিছে ৷ কিন্তু সেয়াও সহ্য কৰিব পৰা নাই শাসক পক্ষই ৷ শাসকীয় দলৰ নেতাক বিবুধিত পেলাব পৰা ভিডিও আপলোড কৰাৰ বাবেই এইবাৰ বন্ধ হৈ গ’ল এটা ইউ টিউব চেনেল ৷  উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন সভাত এটা ৰোডশ্ব’ত অংশগ্ৰহণ কৰিবলৈ গৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কিন্তু সভাত ভিৰ কম দেখি খঙত জ্বলি পকি উঠিল অমিত শ্বাহ ৷ তেও আয়োজকসকলক খঙ কৰি ৰোড শ্ব’ বন্ধ কৰিবলৈও সকীয়াই দিলে ৷
এই ভিডিওটো লাভ কৰি ফ’ৰ পি এম নামৰ উত্তৰ প্ৰদেশৰ কাকতখনৰ সম্পাদক সঞ্জয় শৰ্মাই কাকতৰ ইউ টিউব চেনেলত আপলোড কৰে ৷ কিন্তু ভিডিও আপলোড কৰাৰ লগে লগে তেওৰ ইউ টিউব চেনেল বন্ধ হৈ পৰে ৷ ইউ- টিউবৰ পৰা কোনো ইমেইল বা আন তথ্য নজনোৱাকৈ ফ’ৰ পি এমৰ ইউ টিউব চেনেল বন্ধ কৰি দিয়া হ’ল ৷ এই ঘটনাক লৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ফ’ৰ পি এমৰ সম্পাদক সঞ্জয় শৰ্মাই ৷ কি হৈছিল সঞ্জয় শৰ্মাৰ লগত , সেয়া তেও সত্য হিন্দীৰে হোৱা এক সাক্ষাৎকাৰত বিতংকৈ অৱগত কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.