অপৰাধীক বিচাৰি আক্ৰমণৰ সন্মুখীন আৰক্ষী

Share This Article

যোৰহাট পুলিবৰ আৰক্ষী থানাৰ ৫ জন আৰক্ষীক আক্ৰমণ কৰে দুৰ্বৃত্তই।যোৱা নিশা পুলিবৰ আৰক্ষীৰ এটা দল অপৰাধীক কৰায়ত্ত কৰিবলৈ ৰাওনা হৈছিল পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজ গাঁওলৈ।তাৰ পিছত আৰক্ষী কামত বাধা দি বৰহুজ গাঁওৰ তিনিজনীয়া এটা দলে আৰক্ষী গাড়ীত চোকা অস্ত্ৰৰে কৰে আক্ৰমণ।দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাজনো আৰক্ষী বিষয়া
অৱশেষত আৰক্ষী সহ অৰ্ধসামৰিক বাহিনী বৃহৎ দল উপস্থিত হোৱাৰ পিছত পলায়ন কৰে আক্ৰমণকাৰীৰ দলটো।ইতিমধ্যে তাৰে এজনক আটক কৰে আৰক্ষীয়ে বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে পলাতক কেইবাজনো আক্ৰমণকাৰীৰ বিৰুদ্ধে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.