অন দ্য হুইলঃশিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’ উন্মোচন

Share This Article

সততে পৰ্যটক নোযোৱা অৰুণাচল প্ৰদেশৰ কিছুমান বিশেষ দুৰ্গম অঞ্চললৈ নিজে গাড়ী চলাই ঘূৰি ফুৰা তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতীম দত্ত এজন ভ্ৰমণ পিয়াসী যুৱক। উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম প্ৰকৃতিৰ আকৰ্ষণত ক’ৰ্পৰেট খণ্ডৰ লোভনীয় চাকৰি এৰি ঘূৰি অহাৰ পাছত দত্তই প্ৰকৃতি আৰু পৰ্যটন ক্ষেত্ৰখনৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত হৈ পৰে। দেশ-বিদেশৰ বিভিন্ন পৰ্যটকক অসম আৰু অৰুণাচল প্ৰদেশৰ মোহনীয় স্থানবোৰলৈ কৰোৱা ভ্ৰমণ আৰু নিজে গাড়ী চলাই বিভিন্ন দুৰ্গম স্থানলৈ কৰা ভ্ৰমণৰ অভিজ্ঞতাৰে তেওঁ লিখি উলিয়াইছে প্ৰথমখন ভ্ৰমণ কাহিনীৰ গ্ৰন্থ ‘অন দ্য হুইলঃ শিহৰণকাৰী দুৰ্গম যাত্ৰাৰ দস্তাবেজ’। গুৱাহাটীৰ গ্ৰন্থবাৰ্তা প্ৰশাসক গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন মঙলবাৰে গুৱাহাটী ক্লাবস্থিত সমলয় সূৰ্যৰ অন্তৰংগ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বিশিষ্ট লেখক তথা সাংবাদিক মৃণাল তালুকদাৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি গ্ৰন্থখন উন্মোচন কৰি কয় যে লেখক প্ৰাঞ্জলৰ ভাষাৰ সাৱলীলতা ঈৰ্ষণীয়। তেওঁ গ্ৰন্থখন পঢ়াৰ সময়ত পঢ়ি থকাৰ দৰে নহয়, নিজে সেই স্থানবোৰলৈ গৈ থকাৰ দৰে অনুভৱ কৰা বুলি সদৰি কৰে৷ দুই-আঢ়ৈ দশকৰ পূৰ্ৱে অৰুণাচলৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ কথা সদৰি কৰি লেখক-সাংবাদিক তালুকদাৰে প্ৰাঞ্জল প্ৰতীম দত্তৰ ভ্ৰমণ কাহিনীবোৰ পঢ়ি পুনৰ সেই স্থানবোৰলৈ গৈ এতিয়াৰ পৰিৱেশৰ অভিজ্ঞতা আহৰণ কৰাৰ ইচ্চাও প্ৰকাশ কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে প্লাজমা বিজ্ঞানী তথা কবি বিপুল জ্যোতি শইকীয়া আৰু অসম আৰক্ষীৰ মহা- পৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই।o

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.