অনিদ্ৰাত দিন কটাইছে LIC ৰ বিনিয়োগকাৰীয়ে

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ তথ্যই তচনচ কৰি পেলোৱা আদানি সাম্ৰাজ্যৰ প্ৰভাৱত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে LIC.বৰ্তমান LIC ৰ ষ্টকে সৰ্বনিম্ন স্তৰলৈ গতি কৰিছে।শুকুৰবাৰে LIC ৰ ষ্টকৰ মূল্য ৫৮৪.৭০ টকা হয়গৈ৷এল আইচিৰ আজিলৈকে ষ্টকৰ মূল্য ৫৮২ টকালৈকে হ্ৰাস পোৱাৰ অভিলেখ আছে৷হিণ্ডেনবাৰ্গ ৰিপৰ্ট ওলোৱাৰ পৰা অৰ্থাৎ বিগত ২৪ জানুৱাৰীত এলআইচিৰ ষ্টকৰ মূল্য আছিল ৭০২ টকা।আদানিৰ বিভিন্ন কোম্পানীত বিগত ২৪ জানুৱাৰীত আদানিৰ বিনিয়োগ আছিল ৮১ হাজাৰ ২৬৮ কোটি।বিগত ২৪ ফেব্ৰুৱাৰীত এই বিনিয়োগৰ পৰিমাণ হয়গৈ মাত্ৰ ৩২ হাজাৰ কোটি৷অৰ্থাৎ আদানিৰ কোম্পানীত বিনিয়োগ কৰি LIC এ মাত্ৰ এমাহত হেৰুৱালে ৫০ কোটি।এল আইচিৰ গ্ৰাহক সকল অৱশ্যে LIC ৰ লোকচানৰ বাবে বিশেষ ক্ষতিৰ সন্মুখীন নহয়।IIFL ছিকিউৰিটিজৰ ভাইচ প্ৰেচিডেণ্ট অনুজ গুপ্তাই LIC ৰ গ্ৰাহক সকলে ইয়াৰ ফলত খুউব কম লোকচানৰ সন্মুখীন হ’ব বুলি জনায়৷তেওঁ কয় যে LIC এ আদানি গ্ৰুপত মাত্ৰ ১% বিনিয়োগ কৰিছে৷কিবা কাৰণত যদি আদানি গ্ৰুপ ভয়ানক লোকচানৰো সন্মুখীন হয় তেতিয়াও ইয়াৰ বিনিয়োগকাৰী সকলে ১% তকৈ কম পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব।অনুজ গুপ্তাৰ মতে এই সময়টো LIC ত বিনিয়োগ কৰাৰ উপযুক্ত সময়।NSE ত LIC ৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য ইয়াৰ আগতে ৮৭২ টকা আছিল আৰু এতিয়া ইয়াৰ পৰিমাণ ৫৮৫ টকা হৈছেগৈ।আগৰ তুলনাত প্ৰায় ৩৩% কম হৈছে LIC ৰ শ্বেয়াৰৰ মূল্য।সেয়ে এই সময়টো LIC ত বিনিয়োগৰ উৎকৃষ্ট সময়।আদানিৰ মুঠ ১০ টা শ্বেয়াৰৰ ৮ টা শ্বেয়াৰ হ্ৰাস পায় শুকুৰবাৰে৷ আদানি কোম্পানীৰ পতনৰ পৰিমাণ হৈছে ৫.১১%।তদুপৰি আদানি ট্ৰেন্সমিছন,পাৱাৰ,টোটেল গেছ,গ্ৰীণ এনাৰ্জি আদিৰো প্ৰায় ৫.৫ % হ্ৰাস হয়।NDTV ৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায় ৪.২২% ,আদানি উইলমাৰ ২.২২% ,ACC ৰ ০.০৩২% হ্ৰাস পায়৷অৱশ্যে আদানিৰ বন্দৰে ১.৪৪% আৰু অম্বুজা চিমেণ্টে ২.২৬% লাভৰ মুখ দেখিছে।হিণ্ডেনবাৰ্গ ৰিপৰ্টত প্ৰকাশিত বাতৰি অনুসৰি আদানি গ্ৰুপে ইয়াৰ ৭ টা শ্বেয়াৰৰ মূল্য ভুৱাকৈ প্ৰায় ৮৫% বৃদ্ধি কৰিছে।আদানি গ্ৰুপৰ শ্বেয়াৰবোৰৰ ভিতৰত আদানি টোটেল গেছ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে।মুঠ ২১টা চেচনৰ ২০ টাত লোকচানৰ সন্মুখীন হৈছে আদানি শ্বেয়াৰ।বৃহস্পতিবাৰৰ ৫% লোকচানৰ পিছত বিগত ২৫ জানুৱাৰীৰ পৰা প্ৰায় ৮০% লোকচানৰ সন্মুখীন হৈছে গ্ৰুপটো।বিগত ২৪ জানুৱাৰীত ইয়াৰ মাৰ্কেট কেপ আছিল ৪.৩ লাখ কোটি আৰু বৰ্তমান ইয়াৰ পৰিমাণ হয়গৈ ৮৭,২৪২ কোটি।আদানি গ্ৰীণ এনাৰ্জি আৰু ট্ৰেন্সমিছনে ৭৩% লোকচানৰ সন্মুখীন হৈছে।আদানি এণ্টাৰপ্ৰাইজে ৬০% লোকচানৰ সন্মুখীন হৈছে বিগত সময়চোৱাত।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296