Investigative reporting with dedication.

অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে ইণ্টাৰনেটৰ সুবিধা আছে। এই কথা প্ৰকাশ পাইছে UNICEF নামৰ ৰাষ্ট্ৰ সংঘৰ প্ৰতিষ্ঠানটোৰ এক সমীক্ষাত।
সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৫ লাখ স্কুল বন্ধ হৈ থকাৰ ফলত ২৮.৬ কোটি ছাত্ৰ ছাত্ৰীৰ ক্ষতি সাধন হৈছে।
সমীক্ষাটোৰ অনুসৰি ইয়াৰ ফলত বিশেষ ভাবে ক্ষতি সাধন হৈছে পিছপৰা শ্ৰেণীৰ ছাত্ৰী সকল কিয়নো তেওঁলোকৰ বেছি ভাগৰে অনলাইন শিক্ষাৰ বাবে প্ৰয়োজনীয় স্মাৰ্ট ফোন নাই, অথবা স্মাৰ্ট ফোন আছে যদিও ইণ্টাৰনেটৰ সুবিধা ভাল নহয়।




