“অদৃশ্য শক্তিৰ বিৰুদ্ধে জয়ী হ’ব অপৰাজেয় শক্তি”- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Share This Article

“দেশত অদৃশ্য শক্তি আৰু অপৰাজেয় শক্তিৰ মাজত যুদ্ধ হৈছে। ক’ৰোনা এক অদৃশ্য শক্তি ঠিকেই, কিন্তু আমাৰ যুদ্ধ আৰু স্বাস্থ্যকৰ্মীসকল অপাৰেজয়।তেওঁলোক নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ’ব”- এইদৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ স্বাস্যকৰ্মীসকলক উদ্দেশ্যী এক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বক্তব্য প্ৰদান কৰে। সোমবাৰে কৰ্ণাটকৰ ৰাজীৱ গান্ধী ইউনিভাৰ্ছিটী অৱ হেল্থ ছায়েন্সৰ ৰূপালী জয়ন্তী উপলক্ষে দিয়া ভাষণত দেশৰ স্বাস্থ্যকৰ্মীসকলক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত দেশৰ স্বাস্থ্যকৰ্মীসকলে অক্লান্ত ভাৱে যি পৰিশ্ৰম কৰিছে তাক দোহাৰে প্ৰধানমন্ত্ৰী মোডীয়ে। ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত কৰ্ণাটক চৰকাৰক প্ৰশংসা কৰি তেওঁ কয়- “কৰ্ণাটক চৰকাৰে যিধৰণেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে, সেয়া সঁচাকৈ অতি প্ৰশংসনীয়”

দেশৰ স্বাস্থ্যখণ্ডৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰিছে বুলি জনালে মোডীয়ে। প্ৰিভেনটিভ হেল্থ কেয়াৰ, এফৰ্ডেবল হেল্থ কেয়াৰ, ইম্প্ৰুভমেণ্ট অন দ্য ছাপ্লাই ছাইড, মিশ্যন মুড ইম্প্লিমেশ্যন , ইত্যাদিসমূহ ইয়াৰ ভিতৰত অন্যতম। পেৰা মেডিকেল কৰ্মীৰ বাবেও নতুন আঁচনি অনা ‘হব বুলি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বিশ্বত ক’ৰোনাই প্ৰভাৱ বিস্তাৰ কৰা দেশৰ ভিতৰত ১০খন আনহাতে, দেশৰ ভিতৰত ৭ নম্বৰ স্থানত আছে ভাৰতবৰ্ষ।প্ৰত্যেকদিনাই দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ৰিপোৰ্ট অনুসৰি বৰ্তমানলৈকে ১লাখ ৯০ হাজাৰ ৫৩৫গৰাকীলৈ ক’ৰোনা সংক্ৰমিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.