অতীত হ’ব থাকৰে !

Share This Article

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ দাবী যে খুব সোনকালেই উদ্ধৱ থাকৰেৰ লগত থকা সকলে যোগ দিব সিন্দে শিবিৰত।নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম আৰু প্ৰতীকৰ কৰ্তৃত্ব সিন্দে পন্থীক অৰ্পণ কৰাৰ পিছত এইবাৰ শিৱসেনাক লৈ আশাবাদী হৈ পৰিছে সিন্দে।১৯৬৬ চনতে বালাচাহেব থাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত গঠন হোৱা শিৱসেনাক নিজৰ আয়ত্তত পায় অত্যুৎসাহী হৈ পৰিছে সিন্দে গোট।শিৱসেনাৰ চীফ হুইপ ভাৰত গগাৱালেই কয় ‘ এতিয়া শিৱসেনা মাত্ৰ এটাই ।আমাৰ হাতত এতিয়া দলৰ নাম আৰু প্ৰতীক আছে।আমাৰ লগত সকলো থাকিব লাগিব৷আমাক সকলোৱে অনুকৰণ কৰিব লাগিব।যদি কোনোবাই আমাৰ কথা নুশুনে ,আমি দুসপ্তাহৰ ভিতৰত তেওঁলোকৰ সম্পৰ্কত সিন্ধান্ত ল’ম।’শিৱসেনাই উচ্চতম ন্যায়ালয়ক মঙলবাৰে তেওঁলোকৰ বিৰোধিতা কৰা নেতা সকলৰ ক্ষেত্ৰত আগন্তুক দুটা সপ্তাহলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলি নিশ্চিতি প্ৰদান কৰিছিল।গগাৱালাই লগতে কয় যে উদ্ধৱ থাকৰে গোটৰ বহু সংখ্যক বিধায়ক ‘আমাৰ লগত যোগদান কৰিবলৈ সাজু ‘ !“ তেওঁলোকে আমাক সহযোগ কৰিব৷আমি এতিয়া মনে মনে পৰিস্থিতিটো নিৰীক্ষণ কৰি আছোঁ।সেই কাৰণে আদিত্য থাকৰেই প্ৰতি দিনেই দাবী কৰি আহিছে যে চৰকাৰ আজি ভাঙিব,কাইলৈ ভাঙিব৷কিন্তু চৰকাৰখনে ইতিমধ্যে ৭ মাহ সম্পূৰ্ণ কৰিলে।শাৰদ পাৱাৰেও উদ্ধৱ থাকৰেক জনাইছে যে আমাৰ চৰকাৰখন ভংগ নহয়।উদ্ধব থাকৰেৰ লগত থকা প্ৰতিজনে আহিব আমাৰ দলত যোগদান কৰিব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.