অকলেই প্ৰতিন্দন্দ্বিতাত নামিব বিপিএফ

ওদালগুৰিত বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ বিশাল দলীয় সভা।বজালে লোকসভা নিৰ্বাচনৰ ৰণডংকা। ধাৰ লৈ হলেও হেলিকপ্তাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাব হাগ্ৰামা মহিলাৰীয়ে।কোকৰাঝাৰ আৰু মংগলদৈ লোক সভা সমষ্টিত বিপিএফ দলে একক ভাবে খেলিব নিৰ্বাচন‌।প্ৰায় ডেৰ বছৰৰ পিছত ওদালগুৰিত উপস্থিত হৈ বিশাল দলীয় সভা সম্বোধন কৰি হাগ্ৰামাৰ হুংকাৰ।’আকৌ চৰকাৰত আহিম‌,ধাৰ লোৱা টকা ঘুৰাই দিম।’বিটিআৰৰ সীমা গহপুৰলৈ বিস্তাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ চেটেলাইট ‌চিষ্টেমত যাতে বিটিআৰ নচলে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান হাগ্ৰামা মহিলাৰীৰ।প্ৰাক্তন মন্ত্ৰী তথা ওদালগুৰি জিলা বিপিএফৰ সভাপতি ৰিহণ দৈমাৰীৰ সভাপতিত্বত ওদালগুৰি জিলা বিপিএফৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত বিশাল দলীয় সভা সম্বোধন কৰি নিজৰ স্বভাৱসুলভ ৰসিক ভাষনেৰে প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ বাবে দলীয় কৰ্মীক আহ্বান জনালে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296