সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰেড জ’নৰ পৰা চলিছে ৬৬৮ খন শ্ৰমিক স্পেচিয়েল ৰে’ল

দেশৰ লাখ লাখ শ্ৰমিকৰ সীমাহীন বিলাই বিপত্তি দেখি অৱশেষত চৰকাৰে শ্ৰমিক স্পেচিয়েল ৰে’লৰ চলাচল আৰম্ভ কৰিলে৷ ৰে’ল বিভাগে ১ হাজাৰখন শ্ৰমিকৰ বাবে বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে৷ বিভাগটোৰ ফালৰ পৰা কোৱা হৈছে যে এই ৰে’লৰ জৰিয়তে মুঠ ৮ লাখ শ্ৰমিক নিজৰ ঘৰলৈ যাব পাৰিব৷ কিন্তু মন কৰিবলগীয়া কথাটো হৈছে অধিকাংশ শ্ৰমিক স্পেচিয়েল ৰে’ল ৰেড জ’নত থকা জিলাৰ পৰা চলাচল কৰিছে৷ তথ্য অনুসৰি ,শ্ৰমিক স্পেচিয়েল ৰে’লৰ ৬৬৮ খনেই ৰেড জ’নৰ পৰা অন্যান্য স্থানলৈ যাত্ৰী কঢ়িয়াই নিছে ৷ ইয়াৰে ৫০৮ খনৰ লক্ষ্যস্থান হ’ল অৰেঞ্জ বা গ্ৰীণ জ’নত থকা জিলা৷ এইদৰে ৰেড জ’নৰ পৰা নিজৰ গাঁৱত গৈ উপস্থিত হোৱা শ্ৰমিকসকলক কোৱাৰেন্টাইন কৰাটো আন এক প্ৰত্যাহ্বান হৈ পৰিছে৷ ইফালে, মাত্ৰ ৭১ খন বিশেষ শ্ৰমিকৰ ৰে’লেহে গ্ৰীণ জ’নৰ পৰা যাত্ৰা আৰম্ভ কৰিছে৷ এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰিয়াই ৰেড জ;নৰ পৰা যোৱা শ্ৰমিকসকলৰ আইছ’লেচন অতি জৰুৰী বুলি মন্তব্য কৰিছে৷ তেওঁ কয় যে ৰেণ্ডম টেষ্টতকৈ শ্ৰমিকসকলৰ ১৪ দিনৰ কোৱাৰেন্টাইন বেছি গুৰুত্বপূৰ্ণ৷ ইয়াৰ জৰিয়তেহে ক’ৰোনাৰ সংক্ৰমনক বাধা দিব পৰা যাব৷উল্লেখ্য যে,অধিকাংশ শ্ৰমিক স্পেচিয়েল ৰে’লৰ লক্ষ্যস্থান হ’ল বিহাৰ ,উত্তৰ প্ৰদেশ , ঝাৰখণ্ড ,ওড়িষা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.