সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘২৪চনত কি হ’ব প্ৰধানমন্ত্ৰী মোডীৰ ভৱিষ্যত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিৰ মিত্ৰজোঁট চৰকাৰে সম্পূৰ্ণ কৰিলে প্ৰায় ৯ টাকৈ বছৰ।আজিৰ তাৰিখত যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়,তেন্তে বিজেপি মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব?
এই বিষয়ক লৈ ইণ্ডিয়া টুডে চলাইছিল এক সমীক্ষা।সমীক্ষাত অংশগ্ৰহণ কৰা ৭২% লোক বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ সুখী।আনহাতে,৩৫০০ কিলোমিটাৰ দূৰত্ব পদযাত্ৰা কৰা ৰাহুল গান্ধীক লৈ সমীক্ষাত অংশগ্ৰহণকাৰীৰ কিছু সংখ্যক আশাবাদী।প্ৰায় ৩৭% লোকে ভাৰত জোড়োৱে এক খলকনিৰ সৃষ্টি কৰা বুলি ভাবে যদিও কিন্তু ই কংগ্ৰেছক ক্ষমতালৈ অহাৰ ক্ষেত্ৰত সহায় কৰিব বুলি নাভাবে।ইণ্ডিয়া টুডেৰ এই সমীক্ষাটোত মুঠ ১,৪০,৯১৭ লোকে অংশ লৈছিল।সমীক্ষাটোৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ-২০২৩ চনৰ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ কামকাজক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৬৭ % লোকে৷২০২২চনৰ আগষ্টতকৈ ১১% লোকে অধিক সমৰ্থন আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি।২০% লোকে ভাৱে যে ক’ভিডৰ দৰে মহামাৰী নিয়ন্ত্ৰণ কৰাটো এনডিএ চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান আছিল।১২%লোকে ভাৱে যে ৰাম মন্দিৰ নিৰ্মাণটো এনডিএ চৰকাৰৰ এক বৃহৎ সফলতা।
২৫% অংশগ্ৰহণকাৰীৰ মতে মূল্যবৃদ্ধি এনডিএ চৰকাৰৰ বাবে এক বৃহৎ বিফলতা।১৭% লোকে ভাৱে নিবনুৱা সমস্যা এনডিএ চৰকাৰৰ এক গুৰুতৰ বিফলতা।২৯% লোকে ভাৱে যে ‘ভাৰত জোড়ো’ৱে জনতাৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰাত কংগ্ৰেছক সহায় কৰিছে।তাৰ বিপৰীতে ১৩% ই ভাৱে যে ৰাহুল গান্ধীৰ হেৰুৱা ভাৱমূৰ্ত্তি ঘূৰাই অনাৰ বাবেহে ভাৰত জোড়োৰ দৰে কাৰ্যসূচী হাতত লৈছে কংগ্ৰেছে।২৬ % লোকে ভাৱে যে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব ৰাহুল গান্ধীয়েহে।আনহাতে,১৭% ই ভাৱে শচীন পাইলটেহে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.