সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০২১ ৰ প্ৰথমভাগতে আহিব ক’ৰোনাৰ প্ৰতিষেধক : জনালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে

ক’ৰোনা ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষাত এতিয়ালৈকে যথেষ্ঠ আশাৰ খবৰ পোৱা গৈছে ৷ইয়াৰ ভিতৰত যিকোনো এটা প্ৰতিষেধক অহা বছৰৰ প্ৰথমভাগত নিশ্চিতভাবে ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ – এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদয়ালয়ৰ অধ্যাপক আশীষ ঝাৰ ৷ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে হোৱা এক বাৰ্তালাপৰ সময়ত তেওঁ লগতে কয় যে অহা বছৰৰ প্ৰথমভাগতে প্ৰতিষেধক বজাৰলৈ অহাৰ সম্ভাৱনা আছে ৷ ভাৰতে ইয়াৰ বাবে এতিয়াৰে পৰা পৰিকল্পনা প্ৰস্তুত কৰা উচিত ৷যাতে সঠিকভাৱে নিজৰ দেশৰ নাগৰিকসকলৰ বাবে প্ৰতিষেধক উপলব্ধ কৰাব পাৰে ৷ আনহাতে ,গৰমত ক’ৰোনা ভাইৰাছ দুৰ্বল হৈ পৰে নেকি বুলি ৰাহুল গান্ধীয়ে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে গৰমৰ প্ৰভাৱ ক’ৰোনা ভাইৰাছৰ ওপৰত পৰাতো এতিয়ালৈকে প্ৰমান হোৱা নাই ৷ কিন্তু এইটো ক’ব পাৰি যে মুকলি ঠাইত সংক্ৰমণৰ সম্ভাৱনা বন্ধ ঠাইতকৈ কম ৷ উল্লেখ্য যে অধ্যাপক আশীষ ঝা গ্ল’বেল হেল্থ ইনষ্টিটিউটৰ সঞ্চালক আৰু এগৰাকী প্ৰখ্যাত স্বাস্থ্য গৱেষক ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.