সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হঠাৎ ৰিপুন বৰাক দিল্লীলৈ তলব কিয়?

বৃহস্পতিবাৰে অৰ্থাৎ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক হঠাৎ তলব কৰা হ’ল দিল্লীলৈ ৷ খোদ ছোনিয়া গান্ধীয়ে ৰিপুন বৰাক তলব কৰাক লৈ ৰাজনৈতিক মহলত জোৰদাৰ চৰ্চা চলিল ৷ নিৰ্বাচনৰ আগে আগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি – তাক লৈও ব্যাপক জল্পনা কল্পনা আৰম্ভ হ’ল ৷ আজি আমাৰ অসম কাকতে ৰিপুন বৰাক হাইকামাণ্ডে তলব কৰা ঘটনাক লৈ এক বিশেষ বাতৰি প্ৰকাশ কৰিছে ৷ আমাৰ অসমৰ বাতৰি মতে , কংগ্ৰেছ হাইকামাণ্ডে অসমক লৈ কিছু বিশেষ চিন্তা চৰ্চা কৰি আছে আৰু অসমৰ কংগ্ৰেছ নেতৃত্বত কম দিনৰ ভিতৰতে ব্যাপক সালসলনি দেখা যাব পাৰে ৷ বাতৰিটোত এই সন্দৰ্ভত কেবাটাও অংক দাঙি ধৰা হৈছে ৷ সেই অনুসৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি শীঘ্ৰে সলনি কৰাৰ সম্ভাৱনা আছে ৷ এইক্ষেত্ৰত নগাৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নতুন সভাপতি হোৱাৰ সম্ভাৱনা প্ৰবল ৷ আনহাতে,ৰিপুন বৰা যদিহে নিৰ্বাচন পৰ্যন্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকে তেনেহ’লে দুটা কাৰ্যকৰী সভাপতিৰ পদ সৃষ্টি কৰা হ’ব পাৰে ৷ ইয়াৰে এটা পদত বিধানসভাৰ উপ-দলপতি ৰকিবুল হুছেইন বা বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু আনটো পদত প্ৰদ্যুৎ বৰদলৈক নিযুক্তি দিয়া হ’ব ৷ ইফালে , বিৰোধী দলপতি দেবব্ৰত শইকীয়াকো প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ বিষয়টো হাইকামাণ্ডৰ বিবেচনাধীন হৈ আছে ৷ দেবব্ৰত শইকীয়া সভাপতি হ’লে কাৰ্যকৰী সভাপতি হ’ব ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ৷ ইয়াৰ পাছত অজন্তা নেওগ বা ৰূপজ্যোতি কুৰ্মীক বিৰোধী দলপতি হিচাপে প্ৰক্ষেপ কৰা হ’ব ৷ আমাৰ অসমৰ আজিৰ বাতৰিটোক লৈ কংগ্ৰেছ শিবিৰত একপ্ৰকাৰ হৈ ছৈ লাগিল৷ শিবিৰে শিবিৰে আৰম্ভ হ’ল অংকৰ উপৰি অংক ৷ কিন্তু সকলো অংক -জংক – পংকৰ যৱনিকা পেলাই আমি দিব বিচাৰিছো আচল খবৰ ৷ কিয় কালি ৰিপুন বৰাক হাইকামাণ্ডে দিল্লীলৈ তলব কৰিছিল ?
আচলতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুখথেকেচা খোৱাৰ পাছত কংগ্ৰেছ দলটোৱে এতিয়ালৈ ভালদৰে মূৰ দাঙি উঠিবই পৰা নাই ৷ তাৰ মাজতে মধ্যপ্ৰদেশত ক্ষমতাচ্যুত হ’বলগীয়া হ’ল ৷ ৰাজস্থান চৰকাৰো এতিয়া সংকটত ৷ দলৰ ধাৰাবাহিক বিপৰ্যয়ে চিন্তিত কৰি তুলিছে সভানেত্ৰী ছোনিয়া গান্ধীক ৷ এই গভীৰ সংকটৰ পৰা কংগ্ৰেছক উদ্ধাৰৰ মন্ত্ৰণা প্ৰস্তুতৰ বাবে বৃহস্পতিবাৰে অৰ্থাৎ কালি ছোনিয়া গান্ধীয়ে ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদসকলৰ এখন বিশেষ বৈঠক আহ্বান কৰিছিল ৷ য’লৈ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাকো নিমন্ত্ৰণ জনোৱা হৈছিল ৷ বৈঠকত কি আলোচনা হ’ল , কাৰ মাজত বাক বিতণ্ডা লাগিল , ৰিপুন বৰাই কি ক’লে সেই খবৰো আমি আপোনালোকক দিবলৈ লৈছো৷
বৃহস্পতিবাৰৰ বিশেষ বৈঠকত উপস্থিত থাকি পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা জেষ্ঠ্য নেতা কপিল শিবালে কয় যে পৰাজয় সন্দৰ্ভত কংগ্ৰেছে আত্মনিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷আন এগৰাকী প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে নিজৰ বক্তব্যত পৰামৰ্শ আগবঢ়ায় যে কিহৰ বাবে কংগ্ৰেছৰ প্ৰতি জনতাম মোহভংগ হৈছে , তাক জানিবৰ বাবে সৰ্বসাধাৰণ লোকৰ ওচৰলৈ যাবই লাগিব ৷ ইয়াৰ পাছতে বৈঠকত উপস্থিত থকা নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ ৰাজীৱ সাতবে কিছু ক্ষুন্ন হৈ কৈ দিলে যে প্ৰতিগৰাকী নেতাই নিজৰ পৰাই আত্মনীৰিক্ষন আৰম্ভ কৰা উচিত ৷ লগতে এইটোও ভাবিব লাগিব যে কংগ্ৰেছ ৪৪ খন আসনলৈ আহিল কেনেকৈ ৷ তেওঁ আৰু অধিক স্পষ্টকৈ কয়,”২০০৯ত আমি ২০০ তকৈও অধিক আগত আছিলো ৷তেতিয়া আপোনালোক মন্ত্ৰী আছিল ৷ আৰু আজি আপোনালোকে আত্মনীৰিক্ষণৰ কৈ আছে ৷ সঁচা কথা ক’বলৈ হ’লে – আপোনালোক ক’ত ব্যৰ্থ হ’ল সেয়াও বিচাৰ কৰি চাব লাগে ৷ ইউ পি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ পৰাই আত্মনীৰিক্ষন কৰিব লাগিব ৷” এইগৰাকী ক্ষোভিত কংগ্ৰেছ নেতা ৰাজীৱ সাতব হ’ল যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৷ ৪৬ বৰ্ষীয় ৰাজীৱ সাতব বৰ্তমান গুজৰাটৰ এআইচিচি প্ৰভাৰী আৰু চি ডব্লিউ চিৰ স্থায়ী আমন্ত্ৰিত সদস্য ৷ ৰাজীৱ সাতবৰ বক্তব্যই সমগ্ৰ বৈঠকখনত বিশেষ চৰ্চা লাভ কৰে ৷
ছোনিয়া গান্ধীয়ে সভাপতিত্ব কৰা এই বৈঠকত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ, প্ৰাক্তন মন্ত্ৰী এ কে এন্থনী, গুলাম নবী আজাদ , আনন্দ শৰ্মা , আহমদ পেটেল আদিও উপস্থিত আছিল ৷ জেষ্ঠ্য বহু নেতাই ৰাজীৱ সাতবৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৷ তাৰ মাজতে সুযোগ উলিয়াই দিগ্বিজয় সিঙে ৰাহুল গান্ধীক পুণৰ কংগ্ৰেছ সভাপতিৰ দায়িত্ব দিয়াৰ দাবী উত্থাপন কৰে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা , এ আই চি চিৰ সাধাৰণ সম্পাদক শক্তিসিঙ গোহিল আৰু ৰাজীৱ সাতবে সজোৰে সমৰ্থন জনায় ৷
এয়া আছিল বৃহস্পতিবাৰে ৰিপুন বৰাক হাইকামাণ্ডে দিল্লীলৈ তলব কৰাৰ প্ৰকৃত কাৰণ ৷ ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ সকলক লৈ ছোনিয়া গান্ধীয়ে অনুষ্ঠিত কৰা এই বৈঠকত ৰাহুল গান্ধীক পুণৰ সভাপতি পদত অধিষ্ঠিত কৰা প্ৰসংগক বাদ দি ৰিপুন বৰাৰ আন কিবা বিশেষ ভূমিকা থকাৰ কথা জনা নগ’ল৷

Leave A Reply

Your email address will not be published.