সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হঠাৎ আদানিৰ U turn কিয়?

বিশ্বৰ তৃতীয়গৰাকী ধনী ব্যক্তি তথা আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে নিজৰ ব্যৱসায়িক সফলতাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক কৃতিত্ব দিছে।এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত উদ্যোগপতি গৰাকীয়ে তেওঁৰ ব্যৱসায়িক সফলতাত ৰাজীৱ গান্ধীৰ অৱদানৰ কথা স্মৰণ কৰি কয় ৰাজীৱ গান্ধীয়ে আমদানি-ৰপ্তানি নীতি সলনি নকৰিলে ব্যৱসায়িক দিশত তেওঁ ইমান সফল নহ’লহেঁতেন !উল্লেখ্য যে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে প্ৰায়ে বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ পৰা বিশেষ সা-সুবিধা আদায় কৰাৰ বিষয়টো উত্থাপন হয় যদিও কিন্তু এইয়া সকলোৰে একপ্ৰকাৰ ভুল ধাৰণা বুলি নিজেই উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ।গৌতম আদানিয়ে সাক্ষাৎকাৰত কয় ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মই -আমি দুয়ো গুজৰাটৰ৷সেয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশেষ সুবিধা দিয়া বুলি যুক্তিহীন অভিযোগ উত্থাপন হয়।”আদানিয়ে নিজেই কয় তেওঁ তেওঁৰ ব্যৱসায়িক জীৱনৰ ৩০ টা বছৰ ৪ টা ভাগত বিভক্ত কৰিছে।তেওঁৰ ব্যৱসায়িক জীৱনৰ আৰম্ভণি হৈছিল ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী থকাৰ সময়ৰ পৰাই৷তেওঁ কয় ৰাজীৱ গান্ধীয়ে যদি আমদানি-ৰপ্তানি নীতি সলনি নকৰিলেহেঁতেন আৰু বহুবোৰ সামগ্ৰী ৰপ্তানিৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত শিথিলতা নানিলেহেঁতেন তেন্তে তেওঁৰ উদ্যোগী হিচাপে জীৱন আৰম্ভই নহ’লহেঁতেন।উদ্যোগপতি জনে কয়
“ মোৰ বিৰুদ্ধে এনে অভিযোগবোৰ একেবাৰে অযুক্তিকৰ।মই আগতেই কৈছোঁ আমাৰ গ্ৰুপে খুব কম দিনতেই সফলতা লাভ কৰা বাবেই এনে অভিযোগবোৰ উত্থাপন কৰা হয়৷কিন্তু মোৰ সফলতাত কোনো ব্যক্তিৰ বিশেষ অৱদান নাই৷কিন্তু বিশেষ নীতি বা চৰকাৰী নীতিৰ সংস্কাৰৰ বাবে বিগত ৩ টা দশকত আমাৰ ব্যৱসায়িক উত্থান হৈছে।”ৰাজীৱ গান্ধীৰ পিছতে আদানিয়ে নব্বৈ দশকৰ তেওঁৰ ব্যৱসায়ৰ কথা স্মৰণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু বিত্ত মন্ত্ৰী মনমোহন সিঙৰ অৱদানৰ বিষয়টোও স্মৰণ কৰে।আদানিয়ে তেওঁৰ ব্যৱসায়িক জীৱনৰ তৃতীয় খণ্ডৰ বাবে ক্ৰেডিট দিছে গুজৰাটৰ মুখ্যমন্ত্ৰী কেশুভাই পেটেলক৷গুৰুত্বপূৰ্ণ বিষয়টো হৈছে কেশুভাই পেটেলো আছিল কংগ্ৰেছ দলৰে মুখ্যমন্ত্ৰী।কেশুভাই পেটেলৰ দিনতে উপসাগৰীয় এলেকাবোৰ উন্নত কৰা হৈছিল।বাপী,অংকলেশ্বৰ,ভৰুচ,বডোডৰা আদি বন্দৰবোৰ উন্নত কৰাৰ ক্ষেত্ৰতো যথেষ্ট ভূমিকা আছিল কেশুভাই পেটেলৰ।তেওঁৰ জীৱনৰ চতুৰ্থ পৰ্যায়ৰ সফলতাৰ বাবেহে তেওঁ কৃতিত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘নিউ ইণ্ডিয়া’ জিলিকি উঠা বুলি উল্লেখ কৰে উদ্যোগপতি গৰাকীয়ে।

Leave A Reply

Your email address will not be published.