সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যুদ্ধৰ অৱসান নহয়,বিফল G 20

বিশ্বৰ ২০ খন দেশৰ বৈদেশিক মন্ত্ৰীয়ে দৰিদ্ৰতা,দুৰ্নীতি আৰু সন্ত্ৰাসবাদ সম্পৰ্কত জি টুৱেণ্টি বৈঠকত কোনো সৰ্বগ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে।ইউক্ৰেইন যুদ্ধ চলি থকাৰ বাবে এই বিষয় কেইটা সম্পৰ্কত কোনো সঠিক সিন্ধান্তত উপনীত হ’ব নোৱাৰিলে ২০ খন দেশৰ বৈদেশিক মন্ত্ৰীয়ে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো দেশকে বিভেদ পৰিহাৰ কৰি এক সহমতত উপনীত হ’বলৈ আহ্বান জনাইছিল,প্ৰধানমন্ত্ৰী মোডীৰ আহ্বানে কোনো গুৰুত্বই নাপালে এই বৈঠকত।গ্ৰুপ টুৱেণ্টিত অংশ লোৱা জ্যেষ্ঠ কূটনীতিবিদ সুব্ৰমণিয়াম জয়শংকৰে কয় ‘ আমি যুদ্ধ চলি থকাৰ বাবে সকলোকে একেলগে নাপালো।’আমেৰিকাৰ ছেক্ৰেটেৰী অব ষ্টেট এণ্টনি ব্লিংকেনে ৰুছ -ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে এই বৈঠকত মুখামুখি হয় ৰাছিয়াৰ ছেক্ৰেটেৰী অব ষ্টেটৰ সৈতে৷এই বৈঠকতে মস্কোৰ নিৰ্দেশতেই এই যুদ্ধ হোৱা বুলিও উল্লেখ কৰে আমেৰিকাৰ এণ্টনি ব্লিংকেনে।ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লেভৰভে এই বৈঠকৰ বিফলতাৰ বাবে ‘পাশ্চাত্য’ৰ দেশকে জগৰীয়া কৰিছে।ভাৰত চৰকাৰে এই বৈঠক সন্দৰ্ভত দিয়া টোকা এনেধৰণৰ ‘ গৰিষ্ঠসংখ্যক সদস্যই ইউক্ৰেইন যুদ্ধৰ বিৰোধিতা কৰিছে।এই যুদ্ধই মানৱ সমাজৰ যথেষ্ট ক্ষতিসাধন কৰাৰ লগতে বিশ্ব অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে ।’অৱশ্যে কিছু সংখ্যকৰ মতে ‘জি টুৱেণ্টি প্ৰকৃতাৰ্থত নিৰাপত্তা সম্পৰ্কীয় সমস্যা সমাধানৰ মঞ্চ নহয়।’ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো কূটনীতিবিদক গৌতম বুদ্ধ আৰু মোহনদাস কৰমচান্দ গান্ধীৰ আদৰ্শৰে আগবাঢ়িবলৈ অনুৰোধ জনাইছিল ‘ আমাক যিয়ে বিভাজিত কৰে সেইবোৰ বাদ দিয়ক,যিবোৰে আমাক একত্ৰিত কৰে সেইবোৰত গুৰুত্ব দিয়ক।’উল্লেখ্য যে জি টুৱেণ্টিৰ বৈঠক ভাৰতত অনুষ্ঠিত হৈ আছে।মোডীক প্ৰতিনিধিত্ব কৰি বৈঠকত অংশ লোৱা কূটনীতিবিদ গৰাকীৰ মতে ‘বৈঠকত বহুবোৰ দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ নাছিল।’ব্লিংকেনে কয় যে এই বৈঠকৰ জৰিয়তে বিশ্ব শক্তিক একত্ৰিত কৰাৰ পোষকতা কৰিছিল তেওঁ।এক সংবাদমেলত ব্লিংকেনে কয়’ ৰাছিয়া আৰু চীন দুয়োখন দেশেই কিন্তু এই শক্তি সমূহক একত্ৰিত কৰাৰ সপক্ষে নাই।’
ব্লিংকেন আৰু লাভৰভৰ মাজৰ এই মুখামুখিয়ে হোৱাইট হাউচক যেন ইউক্ৰেইন সম্পৰ্কত নিজৰ এক বাৰ্তা প্ৰেৰণৰ সুযোগহে দিলে।’ আমি ইউক্ৰেইনক সমৰ্থন দিম।’ইতিমধ্যে আমেৰিকাত ৰিপাব্লিকান আৰু ডেমক্ৰেটিক পাৰ্টিৰ মাজত ইউক্ৰেইনৰ ক্ষেত্ৰত আমেৰিকাই আগবঢ়োৱা সাহাৰ্যক লৈ কিছু পৰিমাণে মতবিৰোধৰ সৃষ্টি হৈছে।আনহাতে মোডী চৰকাৰে জি টুৱেণ্টি বৈঠকত সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ লগতে ভাৰতে নিজকে এছিয়া মহাদেশৰ এক গুৰুত্বপূৰ্ণ দেশ হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷আমেৰিকা আৰু চীনৰ সম্পৰ্ক বেয়া হোৱাৰ বিষয়টোত ভাৰতে এক মুখ্য ভূমিকা ল’ব বিচাৰিছে।জি টুৱেণ্টিৰ বৈঠকৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ ২০ খন দেশক যি আহ্বান জনাইছিল,সেই আহ্বানক সম্পূৰ্ণ উপেক্ষা কৰিলে বিশ্ব নেতাই !অৱশ্যে ভাৰততে অনুষ্ঠিত হোৱাৰ সুযোগ লৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে এই আহ্বান জনোৱাৰ সুযোগ লৈছিল।

Leave A Reply

Your email address will not be published.