সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুঠতে কেজৰিৱালৰ ‘সুদিন’ আহিবই

বিগত ২০ বছৰত কোনো দিনেই প্ৰধানমন্ত্ৰী মোডী ইমান ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল।কিন্তু ২০২২ চনৰ কথা একেবাৰে সুকীয়া।গুজৰাট নিৰ্বাচনত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোডী।অহা ৮ ডিচেম্বৰত ফলাফল ঘোষণা হ’ব গুজৰাটৰ।এই ফলাফলৰ ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনী ফলাফললৈ মাজত মাথোঁ ৫ টা দিন।ৰাজনীতি বিজ্ঞানত যথেষ্ট বিদগ্ধ পণ্ডিত তথা বিশেষ পদ্ধতিৰে নিৰ্বাচনী ফলাফল আগতীয়াকৈ প্ৰকাশ কৰিব পৰাৰ দক্ষতা থকা যোগেন্দ্ৰ যাদৱৰ মতে গুজৰাটত চমৎকাৰ হৈ যোৱাৰ সম্ভাৱনীয়তা নথকা নহয়৷২০১২ আৰু ২০১৭ চনত এনে কোনো চমৎকাৰ হোৱা নাছিল।২০১৭ চনত বিজেপিৰ সন্মুখত কংগ্ৰেছে গুজৰাটত যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিছিল।কিন্তু মোডীৰ ভাৱমূৰ্ত্তিক লৈ বিজেপিয়ে ৰাজনীতি কৰা আৰম্ভ কৰাৰ পিছত কংগ্ৰেছ দল যথেষ্ট দুৰ্বল হৈ পৰিল গুজৰাটত।কিন্তু কংগ্ৰেছ দুৰ্বল বুলি এটা ধাৰণা থকাৰ পিছতো কিয় ইমান জোৰদাৰ গতিত বিজেপিয়ে যুঁজ আৰম্ভ কৰিছে গুজৰাটত?কাৰণটো হ’ল অহা ১২ মাহৰ ভিতৰত কৰ্ণাটক,ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড় আদিৰ দৰে কোনো ডাঙৰ আৰু হিন্দীভাষী অধ্যুষিত ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত নহয়৷গতিকে গুজৰাট নিৰ্বাচন মোডীৰ বাবে অনুশীলন মেচৰ দৰে।
গুজৰাট বিধানসভাৰ নিৰ্বাচনটো আন ৰাজ্যৰ নিৰ্বাচনতকৈ সুকীয়া।গুজৰাটৰ নিৰ্বাচনৰ লগত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰত্যক্ষ সংযোগ আছে৷মোডীৰ নামতেই গুজৰাটত যিহেতু নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে,সেয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী কোন বুলি ক’লে নাম মনত পেলাবলৈকে বহুতে মনৰ ভিতৰতে যুঁজ বাগৰ কৰিবলগীয়া হ’ব৷মোডী যদি জয়ী হয় , দ্বিতীয় স্থান লাভ কৰি ৰূপ বা ব্ৰঞ্জৰ পদক লাভৰ বাবে হ’ব অন্য এখন যুঁজ।কেজৰিৱালৰ দলে যদি ভাল ফলাফল দেখুৱাব পাৰে তেন্তে ই কেজৰিৱালক ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিষ্ঠিত কৰাত সহায় কৰিব৷ৰাষ্ট্ৰীয় পৰ্যায়ত হয়তো ৰাহুল গান্ধীৰ স্থান দখল কৰি কেজৰিৱাল দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ সম্ভাৱনা নথকা নহয়৷যদি কেজৰিৱাল দ্বিতীয় স্থানলৈ উন্নীত নহয়ো আৰু আপে যদি খুব কম সংখ্যক আসনো লাভ কৰে তথাপিও কিন্তু কেজৰিৱালৰ স্থান আগলৈ যাব আৰু ৰাষ্ট্ৰীয় নেতাৰ স্বীকৃতি লাভ কৰিব।সেয়ে গুজৰাট নিৰ্বাচন বিশেষকৈ প্ৰধানমন্ত্ৰী মোডীৰ বাবে এক বিশেষ অগ্নিপৰীক্ষা !এই অগ্নিপৰীক্ষাত যদি বিজেপি পৰাজিত হয় ,বিজেপিৰ বাবে ই হ’ব বৃহৎ ক্ষতি আৰু আপে যদি কেইখনমান আসনো লাভ কৰে সেয়া হ’ব কেজৰিৱালৰ বাবে বৃহৎ জয় !

Leave A Reply

Your email address will not be published.