সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভয়ত নহয়,শীতত কঁপিছে দিল্লী

ঘন কুঁৱলীয়ে আগুৰি ধৰিছে দেশৰ ৰাজধানী চহৰ দিল্লীক।সমগ্ৰ ৰাজধানী চহৰত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা৷ইতিমধ্যে ২৯ খন ৰে’ল আৰু ১১৮ খন বিমানৰ যাত্ৰা বাতিল অথবা নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলাৰ অনুমতি দিয়া হৈছে।একেৰাহে পঞ্চম দিনৰ বাবে অসহ্যকৰ শীতৰ কবলত ৰাজধানী মহানগৰখন।
২০০ মিটাৰ দূৰত্বটো চকুৰে মণিব নোৱাৰা অৱস্থা দিল্লীত।ইতিমধ্যে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ফগ এলাৰ্ট জাৰি কৰিছে৷সোমবাৰে পুৱাৰ ভাগত দিল্লীৰ ছফডৰজং অঞ্চলত তাপমাত্ৰা ৩.৮ ডিগ্ৰী চেলচিয়াচ হৈছেগৈ।সমগ্ৰ উত্তৰ ভাৰতৰ বিভিন্ন স্থান ঘন কুঁৱলীৰ আচ্ছাদনে আগুৰি আছে৷পঞ্জাৱৰ ভাতিন্দাত ঘন কুঁৱলীৰ বাবে শূণ্য দূৰত্বতো একো দৃশ্যমান হোৱা নাই।ৰে’ল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি কুঁৱলীৰ বাবেই মন্ত্ৰালয়ৰ তৰফৰ পৰা মুঠ ২৯ খন ৰে’ল পলমকৈ চলাৰ অনুমতি দিয়া হৈছে৷কালিৰ অৰ্থাৎ দেওবাৰৰ দিনটোত দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ১.৯ ডিগ্ৰী চেলছিয়াচ৷ইতিমধ্যে দিল্লী চৰকাৰে অহা ১৫ জানুৱাৰীলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.