সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰাৰ্থী নাই ! বিজেপি নেতাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক অপ্ৰত্যাশিত সংকটৰ সন্মুখীন হৈছে বিজেপি দল । বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা বিজেপিয়ে এতিয়া বিচাৰি পোৱা নাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা প্ৰাৰ্থী ,। যাৰ বাবে দলীয় নেতাক জোৰ জুলুমকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে । নিৰ্বাচন খেলিবলৈ তিলমানো ইচ্ছা নথকা প্ৰাৰ্থীক নৰেন্দ্ৰ মোদী- অমিত শ্বাহে কিদৰে নিৰ্বাচনত অৱতীৰ্ন কৰাইছে , সেয়া পোহৰলৈ আহিছে এগৰাকী শীৰ্ষ বিজেপি নেতাৰ চাঞ্চল্যকৰ ৰাজহুৱা স্বীকাৰোক্তিত । নেতাগৰাকীৰ নাম কৈলাশ বিজয়বৰ্গীয় । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক । এইগৰাকী নেতাৰ মন নাছিল নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ।কিন্তু তেওঁক জোৰ জবৰদস্তিকৈ দিয়া হ’ল মধ্যপ্ৰদেশৰ ইন্দোৰ সমষ্টিৰ প্ৰাৰ্থিত্ব । তাৰ পাছত কৈলাশ বিজয়বৰ্গীয়ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ নিৰ্বাচন খেলিবলৈ অকনো মন নাছিল ৷ দিনে ৮ খনকৈ সভা কৰাৰ পৰিকল্পনা আছিল । ৫ খন সভা হেলিকপ্তাৰত আৰু ৩ খন গাড়ীৰে গৈ । কিন্তু ভগৱানৰ ইচ্ছাত নিৰ্বাচনৰ প্ৰাৰ্থী হ’বলগীয়া হ’ল ।কেৱল সেয়াই নহয় , মধ্যপ্ৰদেশত বিজেপিৰ শক্তিশালী প্ৰাৰ্থীৰ ইমানেই অভাৱ হৈছে যে তিনিগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীক দিবলগীয়া হৈছে প্ৰাৰ্থিত্ব । তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু চাৰিগৰাকী সাংসদক বিজেপিয়ে মধ্যপ্ৰদেশ বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইয়াৰ পৰাই ওলাই পৰিছে ভিতৰি কিমান নেতৃত্বৰ সংকটত ভুগিছে বিজেপি দল ।মধ্যপ্ৰদেশৰ বাহিৰেও এইবাৰ ৰাজস্থানতো একেই কৌশল হাতত ল’বলগীয়া হৈছে বিজেপি দলে । ৰাজস্থানত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া নিষ্ক্ৰিয় হৈ পৰাৰপাছত এইবাৰ ৰাজস্থানত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিয়াৰ যো জা চলাইছে বিজেপি দলে । ৰাজস্থানৰ ৰাজনৈতিক পৰম্পৰা অনুসৰি, প্ৰতিবছৰেই চৰকাৰ সলনি হয় । কিন্তু এইবাৰ পৰিস্থিতি পৃথক ৷ কংগ্ৰেছত গেহলট –পাইলটৰ মাজত যিমান সংঘাত আছে , তাতকৈও অধিক দুৰত্ব বাঢ়িছে বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু মোদী – শ্বাহৰ মাজত ।পৰিণতিত বিগত ৯ টা উপ নিৰ্বাচনৰ ৮ টাতেই পৰাজিত হৈছে বিজেপি দল। এই ক্ষতি পূৰাবলৈকে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱট , অৰ্জুন ৰাম মেঘৱাল , সাংসদ ৰাজ্যবৰ্ধন ৰাথোৰ , দিব্যা কুমাৰীক প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় নেতৃত্বই । আনকি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নামো চৰ্চিত হৈছে সাম্ভাব্য বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইদৰে প্ৰাৰ্থীৰ সংকটৰ সৃষ্টি হোৱাটো বিজেপিৰ বাবেই অশনি সংকেত হিচাপে বিবেচিত হৈছে।

Leave A Reply

Your email address will not be published.