সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেকেজৰ আচল গণিত : ঘোষণা ২০ লাখ কৌটিৰ ,খৰচ কৰিব ৪.২ লাখ কৌটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক সম্বোধন কৰি ২০ লাখ কৌটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ যাক ‘আত্মনিৰ্ভৰশীল ভাৰত অভিযান যোজনা’ নাম দিয়া হৈছে৷ তেওঁ এই কথাও উনুকিয়াই থৈ যায় যে এই পেকেজৰ ভিতৰত ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আৰু চৰকাৰে পূৰ্বে ঘোষণা কৰা পেকেজো সাঙোৰ খাই থাকিব৷ তেনেহ’লে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজত এতিয়া আচলতে কিমান টকা বাকী আছে জানি লওঁ আহক-
• ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা ফেব্ৰুৱাৰী ,মাৰ্চ আৰু এপ্ৰিল মাহত অতিৰিক্ত লিকুইডিটীৰ নামত ইতিমধ্যে ৮.০৪ লাখ কৌটি টকা ব্যয় কৰিছে৷ লিকুইডিটী মানে হ’ল বিভিন্ন বেংক তথা বিত্তীয় প্ৰতিষ্ঠানক দিয়া অৰ্থসাহায্য৷
• যোৱা ২৭ মাৰ্চত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ১.৭ লাখ কৌটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল৷ য’ত অৱশ্যে পি এম কিষাণ যোজনাৰ নিচিনা বাজেটত নিৰ্ধাৰিত আঁচনিকো সাঙুৰি লোৱা হৈছিল৷
• সি যি কি নহওক, ৰিজাৰ্ভ বেংক আৰু বিত্তমন্ত্ৰীৰ পেকেজৰ পিছত এতিয়া বাকী থাকিলগৈ ১০.২৬ লাখ কৌটি ৷এই সন্দৰ্ভত বিয়লি ৪ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এক সংবাদমেল সম্বোধন কৰি সবিশেষ তথ্য সদৰী কৰিব৷

আচলতে কিমান ধন পোৱাৰ সম্ভাৱনা আছে?
The Indian Express কাকতত প্ৰকাশ পোৱা খবৰ মতে এই বছৰত পেকেজৰ অধীনত ৪.২ লাখ কৌটিতকৈ বেছি ধন প্ৰদান কৰাৰ সম্ভাৱনা নাই৷ কিয়নো তিনি দিন পূৰ্বে এক সিদ্ধান্তৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত বজাৰত ধাৰৰ পৰিমান ১২ লাখ কৌটিলৈ বৃদ্ধি কৰিছিল৷ ২০২০ -২১ বৰ্ষৰ বাজেটত এই ধাৰৰ পৰিমান নিৰ্ধাৰণ কৰা হৈছিল ৭.৮ লাখ কৌটি৷ অতিৰিক্ত ভাৱে ধাৰ লোৱা ৪.২ লাখ কৌটি টকাহে পেকেজৰ নামত খৰচ কৰাৰ সম্ভাৱনা আছে বুলি কাকতখনত প্ৰকাশ৷

- Donation -

জিডিপিৰ কিমান শতাংশ এই ধনৰ পৰিমান?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা মতে ২০ লাখ কৌটি হ’ল ভাৰতীয় মুঠ ঘৰুৱা উৎপাদন(জিডিপি)ৰ ১০ শতাংশ৷ কিন্তু The Indian Express ৰ খবৰৰ দৰে চৰকাৰে আচলতে যদি ৪.২ লাখ কৌটিহে ব্যয় কৰে তেনেহ’লে এয়া জিডিপিৰ কেৱল ২.১ শতাংশহে হ’ব৷

কোন দেশে কিমান শতাংশ ব্যয় কৰিছে?
ক’ৰোনা ভাইৰাছৰ সংক্ৰমনৰ পৰা বাচিবলৈ লকডাউন বলবৎ কৰাৰ ফলত প্ৰতিখন দেখেই ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ অৰ্থব্যৱস্থাক উদ্ধাৰৰ বাবে এতিয়া বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিবলগীয়া হৈছে৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি ,জাপানে মুঠ জিডিপিৰ ২১.১ %, আমেৰিকাই ১৩%, চুইডেনে ১২% , জাৰ্মানীয়ে ১০.৭% , ফ্ৰান্সে ৯.৩% , স্পেইনে ৭.৩ % ,ইটালীয়ে ৫.৭% , ইংলেণ্ডে ৫% , চীনে ৩.৮% আৰু দক্ষিণ কোৰিয়াই ২.২ % ধন অৰ্থনীতি পুণৰ উদ্ধাৰৰ বাবে ব্যয় কৰিব৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.