সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ ৩ মাহলৈ EMI ৰেহাই ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলোধৰণৰ টাৰ্ম লোন আৰু ৱৰ্কিং কেপিটেল লোনৰ ওপৰত পুনৰ ৩ মাহৰ মৰেটৰিয়াম ঘোষণা কৰিছে। জুন মাহৰ পৰা আগষ্ট মাহলৈ পাৰ্ছ’নেল লোন, হোম্ লোন, কাৰ্ লোন, ক্ৰেডিট কাৰ্ডৰ বিল আদিৰ EMIত ৩ মাহৰ ৰেহাই লাভ কৰিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শান্তিকাম দাসে আজি এই ঘোষণা কৰে। ৰিজাৰ্ভ বেংকে আজি ৰেপ’ৰেটো হ্ৰাস কৰে। ৰেপৰেট ৪.৪০ শতাংশৰ পৰা হ্ৰাস কৰি ৪শতাংশ কৰে। ৰিজাৰ্ভ বেংকে অন্য বেংকসমূহক যি হাৰত ঋণ প্ৰদান কৰে, সেই হাৰেই হল ৰেপ’ৰেট। ৰিভাৰ্ছ ৰেপ’ৰেটৰ হাৰো ৩.৩৫শতাংশলৈ হ্ৰাস কৰে।
আনহাতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শান্তিকাম দাসে কয় যে এইবাৰ জিডিপিৰ বৃদ্ধিৰ হাৰ ঋণাত্মক হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.