সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ত্ৰস্ত শাসক ,বন্ধ কৰালে সমদল

আদানি গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি দিল্লীত বিৰোধী দলৰ নেতাসকলে ঐক্যবদ্ধভাৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।বুধবাৰে দিল্লীত বিৰোধী নেতাৰ এক সমদলে ED ৰ কাৰ্যালয় অভিমুখে ৰাওনা হয় যদিও বিজয় চ’কৰ পৰা তেওঁলোকক আগবাঢ়িবলৈ দিয়া নহ’ল।বিৰোধী দলৰ প্ৰায় ১৮ গৰাকী সাংসদে এই সমদলত অংশ লৈছিল।বিৰোধী দলৰ সদস্য সকলৰ দাবী যে আদানিৰ বিষয়টো তল পেলাবলৈকে শাসক দলে ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ বিষয়টো লৈ হৈচৈ লগাইছে।আশ্চৰ্যজনকভাৱে তৃণমূল কংগ্ৰেছে এই সমদলত অংশ লোৱা নাছিল৷আদানিৰ বিত্তীয় কেলেংকাৰীৰ তদন্তৰ বাবে বিৰোধী দলে বিচৰা যুটীয়া সংসদীয় সমিতিৰ গঠনৰ বিষয়তো কোনো মাত মতা নাই তৃণমূল কংগ্ৰেছে।বুধবাৰৰ এই সমদলত কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে,কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী,CP I ৰ বিনয় বিশ্বম,CPM ৰ এলামৰম কৰিম,DMK ৰ টি আৰ বালু ,সমাজবাদী পাৰ্টিৰ ৰামগোপাল যাদৱ,আপৰ সঞ্জয় সিং,শিৱসেনাৰ সঞ্জয় ৰাৱট,BRS ৰ কেশৱ ৰাৱে অংশ লয়।খাৰ্গেই কয় ‘ আমি সকলো এনফৰ্চমেণ্ট ডাইৰেক্টৰেটলৈ গৈ আছিলোঁ৷আমাক কিন্তু যাবলৈ দিয়া নহ’ল।এজন মাত্ৰ ব্যক্তিয়েই LIC,SBI আৰু বেংকবোৰ শেষ কৰিলে৷মানুহে কষ্টোপাৰ্জিত ধন এইবোৰত বিনিয়োগ কৰিছে।কিন্তু এই সকলো ধন এজন ব্যক্তিৰ হাততেই চমজাই দিয়া হ’ল।’কংগ্ৰেছ সভাপতি খাৰ্গেই কয় ‘আদানিক ধনী কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোডীৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা৷ কেনেকৈ এইটো সম্ভৱ হ’ল?কোন ইয়াৰ বাবে দায়বদ্ধ?তেওঁক ধন কোনে দিলে?তেওঁক কোনে ইমান ধন আহৰণৰ সুযোগ দিলে?তাৰবাবে আমি এক তদন্ত বিচাৰিছোঁ৷ইয়াৰ বাবে এক তদন্ত হোৱা উচিত৷আদানি আৰু প্ৰধানমন্ত্ৰীৰ মাজত কি সম্পৰ্ক?তেওঁলোক ক’ত যায়,তেওঁক প্ৰধানমন্ত্ৰীয়ে ক’ত সংগ দিয়ে?’চৰকাৰক টিপ্পনী দি খাৰ্গেই লগতে কয় ‘ চৰকাৰে গণতন্ত্ৰৰ কথা কয়৷কিন্তু চৰকাৰে আমাৰ শান্তিপূৰ্ণ সমদলক আগবাঢ়ি যোৱাত বাধা দিলে!’
উল্লেখ্য যে বিৰোধীৰ এই সমদলৰ বাবে বুধবাৰে দিল্লীত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হয়।

Leave A Reply

Your email address will not be published.