সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডাবল ইঞ্জিন বিকল,দোষ কিন্তু কংগ্ৰেছৰ !

মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত লোকসভাত মঙলবাৰে বক্তব্য ৰাখে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।মণিপুৰক লৈ মন্তব্য ৰাখি তেওঁ মণিপুৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতাক লৈ প্ৰশ্ন কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছিল।কিন্তু গৌৰৱ গগৈৰ প্ৰশ্নৰ উত্তৰ লোকসভাত নহয়,অসমৰ দিছপুৰত বহি উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।গৌৰৱ গগৈৰ সদনত ৰখা বক্তব্যৰ পিছতে ততাতৈয়াকৈ সন্ধিয়া সংবাদমেল সম্বোধন কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয় ‘মণিপুৰৰ ঘটনা নতুন নহয়।১৯৯০ চনৰ পৰা ২০১৪ চনলৈকে অহৰহ সংঘাত আছিল মণিপুৰত৷প্ৰতিটো ঘটনাতে শতাধিক লোক নিহত হৈছিল।তেতিয়াও কিন্তু প্ৰধানমন্ত্ৰী অহা নাছিল।’ ১৯৮৩ চনত অসমৰ নেলীত হোৱা ভয়ংকৰ গণহত্যাৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী কেৱল ৫ মিনিটৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল।’মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মতে কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখন ভাগ ভাগ কৰাত আগভাগ ল’লে যদিও কিন্তু সীমা নিৰ্ধাৰণ কৰি নিদিলে।যাৰ ফলত এতিয়াও জনতাই ভুগিবলগীয়া হৈছে৷আগতে কোনো এগৰাকী দেশৰ প্ৰধানমন্ত্ৰীয়েই উত্তৰ পূৰ্বাঞ্চল ইমান সঘনাই ভ্ৰমণ কৰা নাছিল কিন্তু তাৰ বিপৰীতে নৰেন্দ্ৰ মোডীয়ে এতিয়ালৈকে মুঠ ৬০ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ বৰ্তমান সংঘাতৰ বাবে যদিও মূলতঃ কংগ্ৰেছকেই জগৰীয়া কৰিছে প্ৰকৃততে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বাবে প্ৰকৃততে কিমান জগৰীয়া কংগ্ৰেছ?কংগ্ৰেছ দল কেন্দ্ৰতেই শাসনত নথকা ৯ বছৰ হ’ল।বিগত দুটা কাৰ্যকাল মণিপুৰত চলি আছে ডাবল ইঞ্জিনৰ চৰকাৰ।মণিপুৰত বৰ্তমানৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ মূল কাৰণ হ’ল মেইটেইক জনজাতীয় মৰ্যাদা প্ৰদান।আৰ্থিক,শৈক্ষিক সকলো দিশৰ পৰা আগবঢ়া মেইটেইক জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছিল কুকি সম্প্ৰদায়ে।ইয়াকে লৈ দুয়ো পক্ষৰ মাজত প্ৰথম অৱস্থাত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু পিছলৈ ই সংঘৰ্ষৰ ৰূপ লয়।গীৰ্জা ভঙাৰ দৰে ঘটনাও সংঘটিত হয় যাৰ ফলত পৰিস্থিতি ভয়াবহ হৈ পৰে।মণিপুৰৰ ঘটনাই বৰ্তমান ৯৭ দিন অতিক্ৰম কৰিলে।এই সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা,অষ্ট্ৰেলিয়া,UAE ৰ দৰে দেশ ভ্ৰমণ কৰিলে কিন্তু মাত্ৰ কেইঘণ্টামানৰ পথ মণিপুৰলৈ অহাৰ সময় নোলাল।ৰাজস্থান,মধ্য প্ৰদেশত গৈ নিৰ্বাচনী জনসমাৱেশতো ভাগ ল’লে ,তথাপিও মণিপুৰলৈ অহাৰ সময় নাপালে নৰেন্দ্ৰ মোডীয়ে।সৌ সিদিনা ডুৰণ্ড কাপ ফুটবল উদ্বোধন কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী আহি অসম পালেহি কিন্তু ৰিং এটাৰ বাট মণিপুৰলৈ যোৱাৰ সময় নহ’ল।
গৃহমন্ত্ৰী অমিত শ্বাহ মণিপুৰলৈ বিগত জুন মাহতেই আহিছিল যদিও কিন্তু অস্ত্ৰশস্ত্ৰ জমা দিবলৈ কৈ দিল্লীলৈ গ’ল যি গ’লেই আৰু উভতি নাহিল।ডাবল ইঞ্জিনৰ চৰকাৰেহে প্ৰকৃত উন্নয়ন সাধন কৰিব পাৰে বুলি ভোট বিচৰা মণিপুৰ আৰু হাৰিয়ানাত ডাবল ইঞ্জিনৰ চৰকাৰেই ভয়ানকভাৱে দুৰ্ঘটনাৰ সন্মুখীন হৈছে।তদুপৰি প্ৰধানমন্ত্ৰী মোডীয়ে লেৰেলা সাদৰ দেখুৱাই অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূবৰ মণিপুৰক লৈ মৌন ব্ৰত ধৰিছে মোডীয়ে নিজেই।মণিপুৰৰ বিষয় উত্থাপন হ’লেই অপ্ৰাসংগিকভাৱে টানি আনে ৰাজস্থান আৰু পশ্চিমবংগৰ নাৰী নিৰ্যাতনৰ ঘটনা যিটো তুলনা দুগ্ধপুষ্য শিশুৰ বাবেও এক অবুজ সাঁথৰ।মণিপুৰৰ ঘটনাক লৈ গুৰুত্বহীন মন্তব্য প্ৰদান কৰা ড° হিমন্ত বিশ্ব শৰ্মাই আচলতে ৬২ চনৰ চীনৰ আক্ৰমণৰ সময়ত জৱাহৰলাল নেহেৰু নহা,নেলীৰ গণহত্যাৰ সময়ত ইন্দিৰা গান্ধী মাত্ৰ ৫ মিনিটৰ বাবে অহাৰ ঘটনাৰ লগত মণিপুৰৰ বিষয়টো মোডীয়ে আওকাণ কৰা বিষয়টোত কি সাদৃশ্য বিচাৰি পাইছে সেয়া এক অবুজ সাঁথৰ !

Leave A Reply

Your email address will not be published.