সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খাৰ্গেই হ’ব বিৰোধী দলপতি

খাৰ্গেই হ’ব বিৰোধী দলপতি

বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই অহা ৰাজ্যসভা অধিৱেশনত
বিৰোধী দলপতি পদতো থাকিব ৷উল্লেখ্য যে সভাপতি নিৰ্বাচনৰ সময়ত এই পদ ত্যাগ কৰিছিল খাৰ্গেই৷অৱশ্যে খাৰ্গেৰ ইস্তফা পত্ৰ সম্পৰ্কত বৰ্তমানেও কোনো সিন্ধান্ত নাই লোৱা কংগ্ৰেছে৷ “কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই ৰাজ্যসভাত বিৰোধী দলপতিৰ ভূমিকা গ্ৰহণ কৰিব, কিন্তু এজন কংগ্ৰেছ সভাপতি হিচাপে নহয়,এজন বিৰোধী দলৰ নেতা হিচাপেহে”-এনেদৰে খাৰ্গে সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷ তেওঁ লগতে কয় যে খাৰ্গেই বিৰোধী দলৰ সভাপতি হিচাপে থাকিব নে নাথাকে সেই বিষয়ে শনিবাৰে ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত সভাত কোনো আলোচনা হোৱা নাই৷
গৰিষ্ঠসংখ্যক কংগ্ৰেছ নেতাই ‘ভাৰত জোড়ো’ যাত্ৰাত ব্যস্ত হৈ থকাৰ বাবে আগন্তুক শীতকালীন অধিৱেশন খাৰ্গেৰ নেতৃত্বতেই অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে খাৰ্গেৰ বাহিৰে বিৰোধী দলপতিৰ আসনৰ বাবে দলটোত দ্বিগবিজয় সিং,পি চিদাম্বৰম আৰু কে চি বেণুগোপালৰ দৰে নেতা আছে৷

Leave A Reply

Your email address will not be published.