খাৰ্গেই হ’ব বিৰোধী দলপতি

Share This Article

বৰ্তমান কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই অহা ৰাজ্যসভা অধিৱেশনত
বিৰোধী দলপতি পদতো থাকিব ৷উল্লেখ্য যে সভাপতি নিৰ্বাচনৰ সময়ত এই পদ ত্যাগ কৰিছিল খাৰ্গেই৷অৱশ্যে খাৰ্গেৰ ইস্তফা পত্ৰ সম্পৰ্কত বৰ্তমানেও কোনো সিন্ধান্ত নাই লোৱা কংগ্ৰেছে৷ “কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই ৰাজ্যসভাত বিৰোধী দলপতিৰ ভূমিকা গ্ৰহণ কৰিব, কিন্তু এজন কংগ্ৰেছ সভাপতি হিচাপে নহয়,এজন বিৰোধী দলৰ নেতা হিচাপেহে”-এনেদৰে খাৰ্গে সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷ তেওঁ লগতে কয় যে খাৰ্গেই বিৰোধী দলৰ সভাপতি হিচাপে থাকিব নে নাথাকে সেই বিষয়ে শনিবাৰে ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত সভাত কোনো আলোচনা হোৱা নাই৷
গৰিষ্ঠসংখ্যক কংগ্ৰেছ নেতাই ‘ভাৰত জোড়ো’ যাত্ৰাত ব্যস্ত হৈ থকাৰ বাবে আগন্তুক শীতকালীন অধিৱেশন খাৰ্গেৰ নেতৃত্বতেই অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে খাৰ্গেৰ বাহিৰে বিৰোধী দলপতিৰ আসনৰ বাবে দলটোত দ্বিগবিজয় সিং,পি চিদাম্বৰম আৰু কে চি বেণুগোপালৰ দৰে নেতা আছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.