সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে মুকলি কৰিলে একাদশ-দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰিলে নতুন একাডেমিক কেলেণ্ডাৰ। NCERTৰ দ্বাৰা নিৰ্মিত কেলেণ্ডাৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৈক্ষিক কেলেণ্ডাৰ অনুযায়ী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক প্ৰযুক্তিগত তথা ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে ঘৰত থকা অৱস্থাত শিক্ষা প্ৰদান কৰিব। লগতে দক্ষ শিক্ষাৰ্থী অনুযায়ী অডিঅ’বুকৰ লিংক, ৰেডিঅ’ প্ৰগেম, ভিডিঅ” প্ৰগেমৰ ব্যৱস্থা এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব।

আনহাতে এনচিআৰটিয়ে অন্যান্য শ্ৰেণীৰ বাবে ইতিমধ্যেই কেলেণ্ডাৰ মুকলি কৰিছে। কেলেণ্ডাৰৰ জৰিয়তে সাপ্তাহিক পৰিকল্পনাৰে পৰৱৰ্তী সময়ত বিষয়সমূহ প্ৰকাশ কৰিব এনচিআৰটিয়ে। এই শৈক্ষিক কেলেণ্ডাৰ ডিটিএইচ চেনেলযোগে প্ৰচাৰ হোৱাৰ উপৰি এই সন্দৰ্ভত SCERT, CBSE, নৱোদয় বিদ্যালয় সংগঠন, ৰাজ্যিক বৰ্ডসমূহৰ সৈতে ভিডিঅ’ কনফাৰেণ্সিঙৰ আয়োজন কৰা হ’ব বুলি বাতৰিত প্ৰকাশ পাইছে।

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.