সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি আছে বন্ধ খামত,টেনচন বিজেপিৰ !

আদানি হিণ্ডেনবাৰ্গ গোচৰৰ শুনানি পুনৰ অহা ১২মে’ত অনুষ্ঠিত হ’ব।উল্লেখ্য যে বিগত ২ মাৰ্চত উচ্চতম ন্যায়ালয়ে SEBI ক দুমাহৰ ভিতৰত আদানি গ্ৰুপে ষ্টকৰ মূল্য নিৰ্ধাৰণ কৰা বিষয়টো সম্পৰ্কত সঠিক তথ্য প্ৰমাণ দাখিলৰ নিৰ্দেশ দিছিল৷সৰ্বোচ্চ ন্যায়ালয়ে আনকি ভাৰতীয় বিনিয়োগকাৰী সকল যাতে কোনো কাৰণতে ক্ষতিগ্ৰস্ত নহয়,সেই বিষয়টোতো গুৰুত্ব দিবলৈ SEBI ক নিৰ্দেশ দিছিল।উল্লেখ্য যে অহা ১২মে’ত অনুষ্ঠিত হ’বলগীয়া শুনানি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়াধীশ পি এছ নৰহিংস,জে বি পাৰদিৱালাৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব।ইতিমধ্যে সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি ৬ জনীয়া এক কমিটিয়ে আদানি হিণ্ডেনবাৰ্গ গোচৰ সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু এই প্ৰতিবেদন বন্ধ খামত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে।শেহতীয়াকৈ SEBI এ আদানি গ্ৰুপে ষ্টকৰ মূল্য নিৰ্ধাৰণত হস্তক্ষেপ কৰাৰ বিষয়টো তদন্ত কৰিবলৈ আৰু অতিৰিক্ত ৬ মাহ সময় বিচাৰিছে।অৱশ্যে SEBI ৰ এই অতিৰিক্ত সময় বিচাৰি জনোৱা আৱেদনৰ বিৰোধিতা কৰিছে বিশাল তিৱাৰী নামৰ এগৰাকী অধিবক্তাই।তিৱাৰীয়ে ন্যায়ালয়ত জনস্বাৰ্থজড়িত আৱেদন দাখিল কৰি লিখিছে যে ইতিমধ্যে SEBI এ যথেষ্ট সময় পাইছে৷বিগত দুটা মাহত SEBI এ বজাৰ পৰীক্ষা,বজাৰৰ তথ্য সংগ্ৰহৰ বাবে যথেষ্ট সময় পাইছে গতিকে SEBI ক আৰু অতিৰিক্ত সময় দিয়াৰ প্ৰয়োজন নাই।

 

Leave A Reply

Your email address will not be published.