কি আছে বন্ধ খামত,টেনচন বিজেপিৰ !

Share This Article

আদানি হিণ্ডেনবাৰ্গ গোচৰৰ শুনানি পুনৰ অহা ১২মে’ত অনুষ্ঠিত হ’ব।উল্লেখ্য যে বিগত ২ মাৰ্চত উচ্চতম ন্যায়ালয়ে SEBI ক দুমাহৰ ভিতৰত আদানি গ্ৰুপে ষ্টকৰ মূল্য নিৰ্ধাৰণ কৰা বিষয়টো সম্পৰ্কত সঠিক তথ্য প্ৰমাণ দাখিলৰ নিৰ্দেশ দিছিল৷সৰ্বোচ্চ ন্যায়ালয়ে আনকি ভাৰতীয় বিনিয়োগকাৰী সকল যাতে কোনো কাৰণতে ক্ষতিগ্ৰস্ত নহয়,সেই বিষয়টোতো গুৰুত্ব দিবলৈ SEBI ক নিৰ্দেশ দিছিল।উল্লেখ্য যে অহা ১২মে’ত অনুষ্ঠিত হ’বলগীয়া শুনানি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়াধীশ পি এছ নৰহিংস,জে বি পাৰদিৱালাৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব।ইতিমধ্যে সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি ৬ জনীয়া এক কমিটিয়ে আদানি হিণ্ডেনবাৰ্গ গোচৰ সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু এই প্ৰতিবেদন বন্ধ খামত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে।শেহতীয়াকৈ SEBI এ আদানি গ্ৰুপে ষ্টকৰ মূল্য নিৰ্ধাৰণত হস্তক্ষেপ কৰাৰ বিষয়টো তদন্ত কৰিবলৈ আৰু অতিৰিক্ত ৬ মাহ সময় বিচাৰিছে।অৱশ্যে SEBI ৰ এই অতিৰিক্ত সময় বিচাৰি জনোৱা আৱেদনৰ বিৰোধিতা কৰিছে বিশাল তিৱাৰী নামৰ এগৰাকী অধিবক্তাই।তিৱাৰীয়ে ন্যায়ালয়ত জনস্বাৰ্থজড়িত আৱেদন দাখিল কৰি লিখিছে যে ইতিমধ্যে SEBI এ যথেষ্ট সময় পাইছে৷বিগত দুটা মাহত SEBI এ বজাৰ পৰীক্ষা,বজাৰৰ তথ্য সংগ্ৰহৰ বাবে যথেষ্ট সময় পাইছে গতিকে SEBI ক আৰু অতিৰিক্ত সময় দিয়াৰ প্ৰয়োজন নাই।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.