সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আলি-আয়ে-লৃগাঙত গুণোৎসৱ কিয়?

১৫ ফেব্ৰুৱাৰীৰ আলি-আয়ে-লৃগাঙৰ দিনটোত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা বিষয়ত ধেমাজিত TMPK এ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষাখণ্ডত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ।ইফালে এই দিনটোতে প্ৰতিবছৰে উদযাপন কৰে ৰাজ্যৰ অন্যতম জনগোষ্ঠী মিচিংসকলে তেওঁলোকৰ বসন্ত উৎসৱ আলি – আয়ে – লৃগাং।এইবাৰ গুণোৎসৱৰ প্ৰথম দিনটোতে আলি -আয়ে -লৃগাঙৰ উৎসৱ আৰম্ভ কৰিবলৈ লোৱাত স্বাভাবিকতে মিচিংসকলৰ মাজত সৃ্ষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।জনগোষ্ঠীটোৰ লোকসকলৰ মাজত এই প্ৰতিক্ৰিয়াই প্ৰতিবাদী ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । আজি জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠন টি এম পি কেই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে ।

Leave A Reply

Your email address will not be published.