১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বৈঠক।ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত মোদীৰ ভাৰ্চুৱেল পদ্ধতিৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় বাজেটত অসমৰো কথা আছে।কেন্দ্ৰীয় আঁচনি পৰ্যালোচনা কৰি অসম সম্পৰ্কীয় বিভিন্ন প্ৰকল্প,অসমৰ অৰ্থনীতি মজবুত কৰাৰ চেষ্টা কৰা হ’ব।কেন্দ্ৰীয় বাজেটৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি এইবাৰ ৰাজ্যিক বাজেট প্ৰস্তুত কৰা হব।কিন্তু কেন্দ্ৰীয় বাজেটৰ ওপৰত আশা কৰি ৰাজ্যিক বাজেট নিৰ্মান কৰা অসম চৰকাৰ যোৱা সময়খিনিত বিপদত পৰাও পৰিলক্ষিত হৈছে।কিয়নো কেন্দ্ৰীয় বাজেটত অসমৰ বাবে নিৰ্ধাৰণ কৰা ধনৰ চান কাঢ়ে কেন্দ্ৰই।তাৰ ফলত অসমে পাব লগা টকা সমূহ নাপায়।কেন্দ্ৰৰ ধনলৈ অপেক্ষা কৰি থকাৰ বাবে উন্নয়নমূলক কাম কৰিবলৈ অসুবিধা হোৱাৰ কথা কেইদিনমানৰ পূৰ্বে অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰিছিল।প্ৰতিবছৰে কেন্দ্ৰীয় বাজেটত ধার্য কৰা মতে ধন লাভ নকৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলে।
কিন্তু বাস্তৱত নিৰ্মান হ’ল মাত্ৰ ২০ কিল’মিটাৰ পথহে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে অসমৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি তিনি বছৰৰ ভিতৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মুঠ ৩৪ হাজাৰ কোটি টকা ব্যয় কৰা হব বুলি ঘোষণা কৰিছিল।এই ধনেৰে ৰাজ্যখনত ১৩০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ কথা কোৱা হৈছিল।আনকি ২০১৬ চনৰ পৰা ২০২০ চনলৈ অসমত নিৰ্মান কৰা হল মাত্ৰ ৩০৫ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ।
ইফালে কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু ডিমা হাছাও টেৰিটৰিয়েল পৰিষদৰ বাবে বাজেটত বৃহৎ পৰিমাণৰ ধন ধার্য কৰিও পাছত সেই ধন কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে।
এনে পৰিস্থিতিত ১ ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটত বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ বাবে ৩০ কোটি আৰু ডিমা হাছাও টেৰিটৰিয়েল কাউন্সিলৰ বাবে পুনৰ ৩৫ কোটি টকা ধার্য কৰিছে।কিন্তু এই ধন কাউন্সিল কেইখনে লাভ কৰে নে নকৰে সেয়াহে ডাঙৰ কথা।
ইফালে বাজেটত ধন ধার্য কৰিও চান কাঢ়ে কেন্দ্ৰই। কেন্দ্রীয় চৰকাৰৰ ৫৪টা মন্ত্ৰালয়ে তেওঁলোকৰ মুঠ বাজেটৰ দহ শতাংশ ধন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ব্যয় কৰিব লাগে। কিন্তু আশ্চর্যজনকভাবে বাজেটত ঘোষণা কৰা অনুসৰি উক্ত ধনো ব্যয় নকৰে মন্ত্ৰালয়সমূহে। খোদ ড’নাৰ মন্ত্ৰালয়ে প্রকাশ কৰা তথ্য অনুসৰি,২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বর্ষলৈকে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বাজেটত মুঠ কোটি টকা ধার্য কৰিছিল Gfx–৩,০৫,০৪১.৮১ কোটি টকা। কিন্তু বাজেটত ঘোষণাৰ পাছতেই সংশোধিত বাজেটত এই ধন হ্রাস কৰা হ’ল Gfx– ২,৮১,৯১৩.২০ কোটি টকালৈ।অর্থাৎ যোৱা সাতটা বিত্তীয় বৰ্ষত বাজেটত ঘোষণাৰ পাছতো কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলক মুঠ Gfx– ৩৯,২৭৫.১৪ কোটি টকাৰ পৰা বঞ্চিত কৰিলে। বিস্তৃত তথ্য অনুসৰি, একমাত্র ২০১৯-২০ বিদ্ৰীয় বৰ্ষত বাজেটত ব ঘোষণা কৰা ৫৯.৩৬৯.৯০ কোটি সংশোধিত বাজেটত ৫৩.৩৭৪.১৯ কোটিলৈ হ্রাস বা কৰাৰ পাছতো ব্যয় কৰা হ’ল মাত্র ৪৮,৫৩৩.৮৯ কোটি টকাহে।
এয়াই হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃত স্বৰূপ।এনেদৰেই কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা বাজেট অসমৰ বাবে হৈ পৰে ললিপপ।
- Donation -