ভাষা এটাৰ কেনেকৈ মৃত্যু হয় ?

Share This Article
  • বিপুল কলিতা

ভাষা হ’ল এটা জাতিৰ স্বকীয়তাৰ প্ৰকাশ আৰু আয়ুস ৰেখা । পৃথিৱীৰ বহু ভাষা বিলুপ্ত হোৱাৰ লগে লগে তেনে জাতি বা সম্প্ৰদায় অস্তিত্বহীন হোৱাৰ উদাহৰণ আছে। সেয়ে জাতি এটাক জীয়াই ৰখাৰ স্বাৰ্থত ভাষাক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন  আছে। অসমীয়া ভাষাৰ বিষয়ে যদি ক’ব লাগে, ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশতকৈও কম মানুহে অসমীয়া ভাষা ব্যৱহাৰ কৰে ৷ এয়া উদ্বেগৰ বিষয় ৷অসমীয়া ভাষাক লৈ আশাবাদী হৈও আমি আলোচনা কৰিবলৈ লৈছো ভাষাৰ মৃত্যুৰ বিষয়ে  ৷

ভাষা এটাৰ  মৃত্যু তেতিয়া  হয় , যেতিয়া এটা ভাষাই ইয়াৰ অন্তিমজন স্থানীয় বক্তা হেৰুৱায়। এসময়ত  অতি প্ৰচলিত হৈও পাছত ব্যৱহাৰৰ দিশৰ পৰা অদৃশ্য হোৱা এটা ভাষা হৈছে  লেটিন ৷  এই ভাষাটো এতিয়াও অধ্যয়ন কৰিব পাৰি যদিও  ই এটা মৃত ভাষা ৷ লিখা আৰু অধ্যয়ন কৰাতে লেটিনৰ ব্যৱহাৰ সীমাৱদ্ধ ৷ইয়াৰ কথিত ব্যৱহাৰ নহয় ।কিন্তু  লেটিন বিলুপ্ত ভাষাও নহয়। মৃত আৰু বিলুপ্ত ভাষাৰ মাজতো পাৰ্থক্য আছে। মৃত ভাষা এতিয়াও কিছুমান প্ৰসংগত ব্যৱহাৰ বা অধ্যয়ন কৰা হয়।অন্যহাতে , বিলুপ্ত ভাষাবোৰ কোনো উদ্দেশ্যতে  কোৱা বা ব্যৱহাৰ কৰা নহয়। বহুতো বিলুপ্ত ভাষা ইতিহাসত সম্পূৰ্ণৰূপে বিলীন হৈ গৈছে ৷

ভাষাৰ কেতিয়া আৰু কিয় মৃত্যু হয়,তাৰ ইতিহাস আৰু সংস্কৃতিৰ এক জৰুৰী অধ্যয়নৰ বিষয়।”নেচনেল জিওগ্ৰাফিক চ’চাইটি”ৰ মতে, বিশ্বৰ ৭০০০ত কৈও অধিক ভাষাৰ ভিতৰত, প্ৰতি দুই সপ্তাহত এটা ভাষাৰ মৃত্যু হয়।প্ৰশ্ন হ’ল, ভাষাবোৰ কেতিয়া আৰু কিয় মৰি যায় ? ভাষাবোৰ কিয় বিলুপ্ত হৈ যায়?  এচাম  মানুহে সম্পূৰ্ণৰূপে এটা  ভাষা ত্যাগ কৰাৰ প্ৰক্ৰিয়াত বহু সময় লাগে, আনকি কেইবাটাও প্ৰজন্ম। সাধাৰণতে এটা প্ৰভাৱশালী ভাষাই যায়  পুৰণি ভাষালৈ ভাবুকি আনে। ভাষাবিদসকলে মত পোষণ কৰে যে  শিশুয়ে কেৱল ঘৰত বা আত্মীয়ৰ  লগতহে যেতিয়া  মাতৃভাষাত কথা কয় , সেয়া এটা ভাষা দুৰ্বল  হোৱাৰ প্ৰথম লক্ষণ। শিশুৱে  অধ্যয়ন নকৰা মানেই এটা ভাষা বিপদাপন্ন হোৱাটো বুজায় , যদিও ই তেওঁলোকৰ মাতৃভাষা।লগতে এটা ভাষা গুৰুতৰভাবে বিপদাপন্ন বুলি বিবেচনা কৰা হয়,  যেতিয়া সেই ভাষা কোৱা ককা আইতাৰ বয়সৰ মানুহ  দ্ৰুতভাৱে হ্ৰাস হয়।

ভাষাৰ পৰিৱৰ্তন সমগ্ৰ মানৱ ইতিহাসৰ অংশ । বৃটেইনত এতিয়া ‘ কৰ্নিছ’  ভাষা  ইংৰাজীৰ প্ৰভাৱত প্ৰায়  নিঃশেষ হও হও । ভাষাবোৰ কিয় বিলুপ্ত হয়,তাৰ উত্তৰ দিওতে ৰাজনৈতিক উৎপীড়ন, ৰাজনৈতিক  প্ৰৰোচনা, বিশ্বায়ন  আৰু সংৰক্ষণৰ অভাৱৰ কথা আঙুলিয়াব পাৰি।কুৰি শতিকাৰ বেছিভাগ সময়তে সমগ্ৰ বিশ্বৰ চৰকাৰসমূহে থলুৱা লোকসকলক এক সাধাৰণ ৰাষ্ট্ৰীয় ভাষা গ্ৰহণ কৰিবলৈ জোৰ কৰিছে আৰু  স্থানীয় ভাষাবোৰক গুৰুত্বহীন কৰি তোলা হৈছে।এনেদৰে একোটা ভাষা ক্ৰমাৎ মৃত্যুৰ দিশলৈ আগবাঢ়ে ৷

বিশ্বত  ৫৭৩ টা জ্ঞাত বিলুপ্ত ভাষা আছে। এইবোৰ হৈছে এনে ভাষা – যিবোৰ কোৱা বা অধ্যয়ন কৰা নহয়। তাৰো বহু স্থানীয় উপভাষা আছিল ,যিবোৰৰ বৰ্ণমালা বা শব্দৰ কোনো তথ্য নাছিল ৷  সেয়ে এই ভাষাবোৰ চিৰকালৰ বাবে হেৰাই গৈছে । ১৯৫০ চনৰ পৰা ২০১০ চনৰ ভিতৰত বিশ্বত ২৩০ টা ভাষা বিলুপ্ত হয়। পৰৱৰ্তী শতিকাৰ ভিতৰত আনুমানিক ৫০ ৰ পৰা ৯০ টা  ভাষা অদৃশ্য হ’ব বুলি আশা কৰা হৈছে।

বিলুপ্ত হোৱা ভাষাবোৰৰ ভিতৰত সাম্ৰাজ্যবাদী শক্তি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১০ টা  ভাষা আছে ৷ বেছিভাগেই স্থানীয় আমেৰিকান জনজাতিৰ ভাষা । বিলুপ্ত হোৱা ভাষাবোৰ হৈছে:

  • ইয়াক—এই ভাষাটো ২০০৮ লৈকে আলাস্কাত সক্ৰিয়ভাৱে কোৱা হৈছিল।
  • ইয়ানা—এইটো ১৯১৬ চনৰ আগলৈকে উত্তৰ-মধ্য কেলিফৰ্ণিয়াৰ “য়াহি “লোকসকলে কৈছিল।
  • টুনিকা—১৯৩০ ৰ বছৰলৈকে সমগ্ৰ “লইচীয়ানাত” নেটিভ আমেৰিকান টুনিকা জনজাতিৰ দ্বাৰা কোৱা হৈছিল।
  • টিলমুক—১৯৭০ ৰ বছৰলৈকে একে নামৰ “অৰেগন”  জনজাতিৰ দ্বাৰা কোৱা হৈছিল।
  • সুস্কেহাননক—১৬৪০ ৰ পৰা এটা পুৰণি ইৰোকুইছ ভাষা আছিল।
  • জাৰ্চী ডাচ—বিংশ শতিকাৰ আৰম্ভণিলৈকে নিউ জাৰ্চী কাউণ্টিত কোৱা ডাচ ভাষাৰ আন এক ৰূপ ৷
  • পূৱ অবনাকী—১৯৯০ ৰ বছৰলৈকে “মেইন”ৰ পেনোবস্কুট জনজাতিৰ ভাষা।
  • পূৱ আটাকাপা— কেৱল ২৮৭ টা শব্দ  এই ভাষাত লিখা হৈছিল। এই ভাষাটো মুখ্যতঃ লিচীয়ানাৰ ফ্ৰেংকলিনৰ চাৰিওফালে কোৱা হৈছিল।
  • চুইচল—অৰেগান প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ এক সুসংৰক্ষিত ভাষা যদিও ১৯৭০ ৰ পৰা  বিলুপ্ত হয়।
  • চুলিম- ২০১০ চনৰ লোকপিয়লত চুলিম টুৰ্কৰ ভাষাৰ মাত্ৰ ৪৪ জন বক্তা প্ৰকাশ পাইছিল।

এয়া মাত্ৰ কেইটামান উদাহৰণে ৷ বিশ্বৰ বুকুৰ পৰা বহু ভাষা চৰ্চাৰ অভাৱত বিলুপ্ত হৈ গৈছে ৷ বহু ভাষাৰ মৃত্যু হৈছে ৷ভাষাবিদসকলৰ মতে , ৮৫ শতাংশ ভাষা এতিয়াও নথিভুক্ত হোৱা  নাই। যদি ভাষাবোৰ সংৰক্ষণ কৰিব লাগে, সেইবোৰ লিখিত , নথিভুক্ত  আৰু  অভিধানৰ অন্তৰ্ভুক্ত কৰা উচিত।  থলুৱা লোক সকলৰ ভাষাৰ প্ৰতি  অনুৰাগ সদায় অক্ষুন্ন ৰখাৰ বাবে চৰকাৰী -বেচৰকাৰী সদিচ্ছা থকাটো জৰুৰী  ৷ভাষাৰ প্ৰতি গৌৰৱ আৰু ইয়াৰ সংৰক্ষণৰ বাবে থকা আৱেগেই হ’ল  ভাষা  সজীৱ কৰি ৰখাৰ মুলমন্ত্ৰ।

অসমীয়া ভাষাক চিৰযুগমীয়া কৰিবলৈও তাৰ চৰ্চা আৰু প্ৰসাৰ এতিয়াতকৈ বৃদ্ধি কৰিবই লাগিব ৷ নহ’লে কালৰ বুকুত এদিন ই নি:শ্চিহ্ণ হৈ যাব ৷

(মতামত আৰু তথ্য লেখকৰ নিজা)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.