প্ৰত্যাহ্বানৰ তিনিটা বছৰ অতিক্ৰমি আমি কি ক’ব বিচাৰো ?

Share This Article

প্ৰিয় দৰ্শক / পঢ়ুৱৈ ,

নিউজ ৱেবচাইট ‘দ্য ক্ৰছকাৰেন্ট’য়ে আজিৰ দিনটোত সম্পূৰ্ণ কৰিলে তিনিটা বছৰ ৷ বিগত তিনিটা বছৰৰ এই যাত্ৰা আমাৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা ৷ আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ আমি চেষ্টাৰ অকনো ত্ৰুটি কৰা নাই ৷ কেৱল আৰু কেৱল তথ্য আৰু যুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছো আমাৰ প্ৰতিটো বাতৰি আৰু বিশ্লেষণ ৷ এটা সৰু নিউজ ৰুমৰ সীমিত সুবিধাৰে আমি সাংবাদিকতাৰ বিকল্প ধাৰাক প্ৰতিনিধিত্ব কৰিবলৈ সৰ্বোচ্চ উজাৰি কাম কৰি আহিছো ৷ক্ষমতাত থকাসকলক প্ৰশ্ন কৰাৰ দায়িত্বৰ পৰা কাহানিও ফালৰি কাটিব নিবিচাৰো ৷কাৰণ , পলায়ন আমাৰ উদ্দেশ্য নহয় ৷ আপোচ আমাৰ অভিধানত নাই ৷নিজৰ দায়িত্ব পালন কৰিবলৈ যাওতে স্বাভাৱিকতে বহুবাৰ নিন্দুকৰ নিন্দা , ক্ষমতাশালীৰ আতিশয্যৰ সন্মুখীন হৈছো ৷ তাৰ পাছতো আপোনালোকৰ ভৰষাত মেৰুদণ্ড পোন কৰি ৰৈছো ৷আমি প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীৰ ভূমি কেলেংকাৰিৰ বাতৰি আছিল নিশ্চিতভাৱে এই দশকৰ আটাইতকৈ বৃহৎ অনুসন্ধানমূলক বাতৰি ৷ এই বাতৰিক গাপ দিবলৈ কিদৰে এটা বৃহৎ পক্ষ উঠি পৰি লাগিছিল ,সেয়া অসমৰ ইতিহাসৰ এক লজ্জাজনক অধ্যায় হৈ ৰ’ব ৷ কিন্তু শাসকৰ ষড়যন্ত্ৰক ব্যৰ্থ কৰি আপোনালোকে নিজৰ প্ৰচেষ্টাৰে আমাৰ এই অনুসন্ধানক জনসাধাৰণৰ ওচৰ চপাই নিলে ৷ দুখীয়াৰ বাবে নিৰ্মান কৰা হাউছিঙৰ ফ্লেট কিদৰে ৰাজনীতিক , আমোলা , প্ৰভাৱশালী ব্যক্তিয়ে দখল কৰি লৈছে, সেই বৃহৎ কেলেংকাৰিও আপোনালোকৰ সন্মুখত আমিয়েই উন্মোচন কৰিছো ৷ বৰ্তমান মাজুলীৰ বিধায়ক ভূবন গাম আৰু অসম চৰকাৰৰ আমোলাৰ মাজত থকা ৰহস্যজনক ব্যৱসায়িক সম্পৰ্কৰ তথ্য প্ৰকাশ পাইছে কেৱল ‘দ্য ক্ৰছকাৰেন্ট’ত৷ আনকি , সফলতাৰ বিজ্ঞাপন দিবলৈ যাওতে খ্যাতনামা সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক অসম চৰকাৰে নকল কৰাৰ ঘটনাও ধৰা পৰিছিল কেৱল আমাৰ চকুত ৷ জনজীৱনৰ লগত জড়িত বিষয়সমূহতো আমি আমাৰ স্থিতি দৃঢ়তাৰে প্ৰকাশ কৰি আহিছো ৷ আমি আছো কেৱল সত্যৰ পক্ষত ৷ আন্ধাৰ গলিত লুকাই থকা সত্যক পোহৰলৈ আনিবলৈ সৰ্বতোপ্ৰকাৰে দায়বদ্ধ ৷ কিন্তু তাৰ পাছতো কেইটামান কথা আমি বিনম্ৰতাৰে স্বীকাৰ কৰিবই লাগিব ৷

‘দ্য ক্ৰছকাৰেন্ট’ৰ বিগত তিনিটা বছৰৰ যাত্ৰা আছিল অতি ৰোমাঞ্চকৰ ৷কিন্তু আহিবলগীয়া প্ৰতিটো দিন , প্ৰতিটো মুহূৰ্ত সিমানেই হৈ পৰিছে প্ৰত্যাহ্বানপূৰ্ণ ৷ ডিজিটেল মাধ্যমৰ অ-আ-ক-খ নজনাকৈ আমি এই পথত খোজ দিছিলো ৷ তেনেদৰেই আজি বহুদূৰ বাট অতিক্ৰম কৰিলো ৷ সময়ৰ লগে লগে অসমৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমলৈও আহিল বহু পৰিৱৰ্তন ৷ যি কথা আপোনালোকক নতুনকৈ বাখ্যা কৰাৰ প্ৰয়োজন নাই ৷ কোনো এটা নিৰ্দিষ্ট বাতৰি আৰু তাৰ বিষয়ে উল্লেখ থকা প্ৰবন্ধ একেলগে সকলো সংবাদগোষ্ঠীয়ে ব্লেকআউট কৰাৰ উদাহৰণ আমি কাহানিও দেখিবলৈ পোৱা নাছিলো ৷ দুৰ্ভাগ্যজনকভাৱে সেই দিন আজি আমাৰ দৈনন্দিন বাস্তৱত পৰিণত হৈছে ৷ এনে পৰিৱৰ্তিত প্ৰেক্ষাপটত আমাৰ আৰু আপোনালোকৰ দায়িত্বও বহুত বাঢ়িল ৷ আহিবলগীয়া দিনবোৰত আপোনাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো খবৰ আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছো আমি ৷ লগতে বৃহৎ প্ৰপাগাণ্ডাৰ সন্মুখত আমাৰ খবৰবোৰ সকলো দৰ্শক , পঢ়ুৱৈৰ বাবে বিনামূলীয়াকৈ ৰখাটোও জৰুৰী ৷ ইয়াৰ বাবে আমাৰ নিউজ ৰুমৰ পৰিসৰ আৰু কিছু ডাঙৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ লগতে সমাজ আৰু সাংবাদিকতাৰ প্ৰতি দায়বদ্ধ এদল নতুন যুৱক – যুৱতীও আমাৰ লগত জড়িত হ’বলৈ আগবাঢ়ি আহিছে৷ প্ৰয়োজনীয় সকলো বাতৰি সামৰি ল’ব পৰা এটা নিউজ ৰুম আৰু নতুন প্ৰজন্মৰ উদ্যমী এদল সাংবাদিকক আগবঢ়াই নিয়াটো আপোনালোকৰ সহায়ৰ অবিহনে অসম্ভৱ ৷ সকলো সম্ভৱ হৈ উঠিব , যদিহে মাহিলী সামান্য সহায়েৰে আপুনি আমাৰ সহযোগী আৰু সহযাত্ৰী হয় ৷

আমি’ দ্য ক্ৰছকাৰেন্ট’ৰ বাবে দুটা পৰ্যায়ৰ সদস্যভুক্তিৰ পৰিকল্পনা গ্ৰহণ কৰিছো ৷ ইয়াৰ বাবে মাহিলী আপুনি ৫০০ বা ১০০০ টকা বৰঙণিৰে সদস্যতা গ্ৰহণ কৰিব পাৰে ৷ বিনিময়ত দিনটোৰ আটাইবোৰ প্ৰয়োজনীয় খবৰ – বাতৰি সমৃদ্ধ বুলেটিন নিশা ৮ বজাৰ লগে লগে আপুনি আপোনাৰ ই-মেইলত লাভ কৰিব ৷ আনহাতে , ১০০০ টকাৰ সদস্যতা গ্ৰহণ কৰাসকলে দ্য ক্ৰছকাৰেন্টে প্ৰকাশ হ’বলগীয়া গ্ৰন্থসমূহ বিনামূলীয়াকৈ লাভ কৰিব ৷ এইখিনি নিয়মীয়া সহায় লাভ কৰিলে আমি আমাৰ প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাপথত নিশ্চয় আগতকৈও অধিক সবল ৰূপত আগবাঢ়িব পাৰিম ৷

সমাজৰ স্খলন আৰু সাংবাদিকতাৰ দুৰ্যোগৰ মাজত আপোনাৰ ওপৰত গভীৰ প্ৰত্যয়ৰে আমি নিশ্চয় এইখিনি দাবী কৰিব পাৰো ৷
সহায় আৰু আশীৰ্বাদ বিচাৰি
সম্পাদক , দ্য ক্ৰছকাৰেন্ট

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.