সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰত্যাহ্বানৰ তিনিটা বছৰ অতিক্ৰমি আমি কি ক’ব বিচাৰো ?

প্ৰিয় দৰ্শক / পঢ়ুৱৈ ,

নিউজ ৱেবচাইট ‘দ্য ক্ৰছকাৰেন্ট’য়ে আজিৰ দিনটোত সম্পূৰ্ণ কৰিলে তিনিটা বছৰ ৷ বিগত তিনিটা বছৰৰ এই যাত্ৰা আমাৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা ৷ আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ আমি চেষ্টাৰ অকনো ত্ৰুটি কৰা নাই ৷ কেৱল আৰু কেৱল তথ্য আৰু যুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছো আমাৰ প্ৰতিটো বাতৰি আৰু বিশ্লেষণ ৷ এটা সৰু নিউজ ৰুমৰ সীমিত সুবিধাৰে আমি সাংবাদিকতাৰ বিকল্প ধাৰাক প্ৰতিনিধিত্ব কৰিবলৈ সৰ্বোচ্চ উজাৰি কাম কৰি আহিছো ৷ক্ষমতাত থকাসকলক প্ৰশ্ন কৰাৰ দায়িত্বৰ পৰা কাহানিও ফালৰি কাটিব নিবিচাৰো ৷কাৰণ , পলায়ন আমাৰ উদ্দেশ্য নহয় ৷ আপোচ আমাৰ অভিধানত নাই ৷নিজৰ দায়িত্ব পালন কৰিবলৈ যাওতে স্বাভাৱিকতে বহুবাৰ নিন্দুকৰ নিন্দা , ক্ষমতাশালীৰ আতিশয্যৰ সন্মুখীন হৈছো ৷ তাৰ পাছতো আপোনালোকৰ ভৰষাত মেৰুদণ্ড পোন কৰি ৰৈছো ৷আমি প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীৰ ভূমি কেলেংকাৰিৰ বাতৰি আছিল নিশ্চিতভাৱে এই দশকৰ আটাইতকৈ বৃহৎ অনুসন্ধানমূলক বাতৰি ৷ এই বাতৰিক গাপ দিবলৈ কিদৰে এটা বৃহৎ পক্ষ উঠি পৰি লাগিছিল ,সেয়া অসমৰ ইতিহাসৰ এক লজ্জাজনক অধ্যায় হৈ ৰ’ব ৷ কিন্তু শাসকৰ ষড়যন্ত্ৰক ব্যৰ্থ কৰি আপোনালোকে নিজৰ প্ৰচেষ্টাৰে আমাৰ এই অনুসন্ধানক জনসাধাৰণৰ ওচৰ চপাই নিলে ৷ দুখীয়াৰ বাবে নিৰ্মান কৰা হাউছিঙৰ ফ্লেট কিদৰে ৰাজনীতিক , আমোলা , প্ৰভাৱশালী ব্যক্তিয়ে দখল কৰি লৈছে, সেই বৃহৎ কেলেংকাৰিও আপোনালোকৰ সন্মুখত আমিয়েই উন্মোচন কৰিছো ৷ বৰ্তমান মাজুলীৰ বিধায়ক ভূবন গাম আৰু অসম চৰকাৰৰ আমোলাৰ মাজত থকা ৰহস্যজনক ব্যৱসায়িক সম্পৰ্কৰ তথ্য প্ৰকাশ পাইছে কেৱল ‘দ্য ক্ৰছকাৰেন্ট’ত৷ আনকি , সফলতাৰ বিজ্ঞাপন দিবলৈ যাওতে খ্যাতনামা সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক অসম চৰকাৰে নকল কৰাৰ ঘটনাও ধৰা পৰিছিল কেৱল আমাৰ চকুত ৷ জনজীৱনৰ লগত জড়িত বিষয়সমূহতো আমি আমাৰ স্থিতি দৃঢ়তাৰে প্ৰকাশ কৰি আহিছো ৷ আমি আছো কেৱল সত্যৰ পক্ষত ৷ আন্ধাৰ গলিত লুকাই থকা সত্যক পোহৰলৈ আনিবলৈ সৰ্বতোপ্ৰকাৰে দায়বদ্ধ ৷ কিন্তু তাৰ পাছতো কেইটামান কথা আমি বিনম্ৰতাৰে স্বীকাৰ কৰিবই লাগিব ৷

- Donation -

‘দ্য ক্ৰছকাৰেন্ট’ৰ বিগত তিনিটা বছৰৰ যাত্ৰা আছিল অতি ৰোমাঞ্চকৰ ৷কিন্তু আহিবলগীয়া প্ৰতিটো দিন , প্ৰতিটো মুহূৰ্ত সিমানেই হৈ পৰিছে প্ৰত্যাহ্বানপূৰ্ণ ৷ ডিজিটেল মাধ্যমৰ অ-আ-ক-খ নজনাকৈ আমি এই পথত খোজ দিছিলো ৷ তেনেদৰেই আজি বহুদূৰ বাট অতিক্ৰম কৰিলো ৷ সময়ৰ লগে লগে অসমৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমলৈও আহিল বহু পৰিৱৰ্তন ৷ যি কথা আপোনালোকক নতুনকৈ বাখ্যা কৰাৰ প্ৰয়োজন নাই ৷ কোনো এটা নিৰ্দিষ্ট বাতৰি আৰু তাৰ বিষয়ে উল্লেখ থকা প্ৰবন্ধ একেলগে সকলো সংবাদগোষ্ঠীয়ে ব্লেকআউট কৰাৰ উদাহৰণ আমি কাহানিও দেখিবলৈ পোৱা নাছিলো ৷ দুৰ্ভাগ্যজনকভাৱে সেই দিন আজি আমাৰ দৈনন্দিন বাস্তৱত পৰিণত হৈছে ৷ এনে পৰিৱৰ্তিত প্ৰেক্ষাপটত আমাৰ আৰু আপোনালোকৰ দায়িত্বও বহুত বাঢ়িল ৷ আহিবলগীয়া দিনবোৰত আপোনাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো খবৰ আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছো আমি ৷ লগতে বৃহৎ প্ৰপাগাণ্ডাৰ সন্মুখত আমাৰ খবৰবোৰ সকলো দৰ্শক , পঢ়ুৱৈৰ বাবে বিনামূলীয়াকৈ ৰখাটোও জৰুৰী ৷ ইয়াৰ বাবে আমাৰ নিউজ ৰুমৰ পৰিসৰ আৰু কিছু ডাঙৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ লগতে সমাজ আৰু সাংবাদিকতাৰ প্ৰতি দায়বদ্ধ এদল নতুন যুৱক – যুৱতীও আমাৰ লগত জড়িত হ’বলৈ আগবাঢ়ি আহিছে৷ প্ৰয়োজনীয় সকলো বাতৰি সামৰি ল’ব পৰা এটা নিউজ ৰুম আৰু নতুন প্ৰজন্মৰ উদ্যমী এদল সাংবাদিকক আগবঢ়াই নিয়াটো আপোনালোকৰ সহায়ৰ অবিহনে অসম্ভৱ ৷ সকলো সম্ভৱ হৈ উঠিব , যদিহে মাহিলী সামান্য সহায়েৰে আপুনি আমাৰ সহযোগী আৰু সহযাত্ৰী হয় ৷

আমি’ দ্য ক্ৰছকাৰেন্ট’ৰ বাবে দুটা পৰ্যায়ৰ সদস্যভুক্তিৰ পৰিকল্পনা গ্ৰহণ কৰিছো ৷ ইয়াৰ বাবে মাহিলী আপুনি ৫০০ বা ১০০০ টকা বৰঙণিৰে সদস্যতা গ্ৰহণ কৰিব পাৰে ৷ বিনিময়ত দিনটোৰ আটাইবোৰ প্ৰয়োজনীয় খবৰ – বাতৰি সমৃদ্ধ বুলেটিন নিশা ৮ বজাৰ লগে লগে আপুনি আপোনাৰ ই-মেইলত লাভ কৰিব ৷ আনহাতে , ১০০০ টকাৰ সদস্যতা গ্ৰহণ কৰাসকলে দ্য ক্ৰছকাৰেন্টে প্ৰকাশ হ’বলগীয়া গ্ৰন্থসমূহ বিনামূলীয়াকৈ লাভ কৰিব ৷ এইখিনি নিয়মীয়া সহায় লাভ কৰিলে আমি আমাৰ প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাপথত নিশ্চয় আগতকৈও অধিক সবল ৰূপত আগবাঢ়িব পাৰিম ৷

সমাজৰ স্খলন আৰু সাংবাদিকতাৰ দুৰ্যোগৰ মাজত আপোনাৰ ওপৰত গভীৰ প্ৰত্যয়ৰে আমি নিশ্চয় এইখিনি দাবী কৰিব পাৰো ৷
সহায় আৰু আশীৰ্বাদ বিচাৰি
সম্পাদক , দ্য ক্ৰছকাৰেন্ট

Leave A Reply

Your email address will not be published.