আকৌ আহিছে ছোৱাইন ফিভাৰ

Share This Article

ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি আৰু গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰিছে মিজোৰাম চৰকাৰে ৷ এক চৰকাৰী বিবৃতিত কোৱা হয় যে পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বহি:ৰাজ্যৰ পৰা জীৱিত গাহৰি বা গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰা হৈছে ৷ গাহৰি পালন কৰা ঠাইসমূহক বীজানুমুক্ত কৰি ৰাখিবৰ বাবে পশুপালন বিভাগে অভিযান আৰম্ভ কৰিছে ৷ মুকলি কৰা হৈছে হেল্পলাইন ৷ ২০২০ চনৰ আগষ্টৰ পৰা ৰাজ্যখনত গাহৰি আমদানি নিষিদ্ধ হৈ আছিল ৷ বিগত ১ ফেব্ৰুৱাৰীত এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল যদিও পুণৰ ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে ৷ তাৰ পাছতেই মিজোৰামত গাহৰিৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.