সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ আহিছে ছোৱাইন ফিভাৰ

ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি আৰু গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰিছে মিজোৰাম চৰকাৰে ৷ এক চৰকাৰী বিবৃতিত কোৱা হয় যে পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বহি:ৰাজ্যৰ পৰা জীৱিত গাহৰি বা গাহৰি মাংসৰ আমদানি নিষিদ্ধ কৰা হৈছে ৷ গাহৰি পালন কৰা ঠাইসমূহক বীজানুমুক্ত কৰি ৰাখিবৰ বাবে পশুপালন বিভাগে অভিযান আৰম্ভ কৰিছে ৷ মুকলি কৰা হৈছে হেল্পলাইন ৷ ২০২০ চনৰ আগষ্টৰ পৰা ৰাজ্যখনত গাহৰি আমদানি নিষিদ্ধ হৈ আছিল ৷ বিগত ১ ফেব্ৰুৱাৰীত এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল যদিও পুণৰ ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে ৷ তাৰ পাছতেই মিজোৰামত গাহৰিৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হয়।

Leave A Reply

Your email address will not be published.