কাৰ্বি আংলঙৰ লাহৰিজানত চলিছে উচ্ছেদ

Share This Article

নৰেন শইকীয়া

কাৰ্বি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷ ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷ আজি পুৱাৰে পৰা লাহৰিজানৰ খান বস্তিত উচ্ছেদ অভিযানৰ বাবে প্ৰশাসন সাজু হৈ পৰা পৰিলক্ষিত হৈছিল ৷ ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি ৩৪টা ঘৰত প্ৰশাসনে উচ্চেদ অভিযান স্থগিত ৰাখিব, বাকী অবৈধ ভাবে বসবাস কৰা ১০০ টা ঘৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৷ কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিনহাৰ নেতৃত্বত নিৰাপত্তাৰক্ষী, আৰক্ষীৰ দলৰ সহযোগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বুল ড্ৰেজাৰ আৰু জেচিবিলৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৷ উচ্ছেদস্থলীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.